ব্যয়বহুল হ’ব বিমান যাত্ৰাঃ দেশত বিমান যাত্ৰা কৰা লোকসকলৰ পকেটত পৰিব পাৰে প্ৰভাৱ।
কেন্দ্ৰ চৰকাৰে ঘৰুৱা বিমান ভাড়াৰ নিম্ন আৰু উচ্চ সীমা ১০ৰ পৰা ৩০ শতাংশ বৃদ্ধি কৰিছে।
নাগৰিক উন্নয়ন মন্ত্ৰালয়ে ক’লে যে, এই নতুন সীমা ২০২১ৰ ৩১ মাৰ্চলৈ বা পৰৱৰ্তী আদেশলৈ বলবৎ হ’ব।
আহক জানো বিমানৰ ভাড়া কেনেদৰে নিৰ্ধাৰণ কৰা হয় আৰু ইয়াৰ পদ্ধতি কি?
দেশত ক’ৰোনা ভাইৰাছৰ প্ৰভাৱৰ সৈতে যুঁজ দিবলৈ প্ৰায় ২ মাহ ধৰি স্থগিত হৈ থকা ঘৰুৱা যাত্ৰী উৰণ সেৱা ২৫ মে’ৰ পৰা পুনৰ আৰম্ভ হৈছিল।
সেই সময়ত মন্ত্ৰালয়ে উৰণৰ অবধিৰ আধাৰত ৭ বেণ্ডৰ জৰিয়তে বিমান ভাড়া সীমাবদ্ধ কৰিছিল।
বেণ্ডৰ এই সীমাৰ আধাৰতে বিমান ভাড়া নিৰ্ধাৰণ কৰা হয়।
কেনেদৰে বিভক্ত কৰা হ’ল ৭টা বেণ্ডক?
প্ৰথমটো বেণ্ডত ৪০ মিনিটতকৈ কম অবধিৰ বিমানে যাত্ৰা কৰে।
প্ৰথমটো বেণ্ডৰ নিম্ন সীমা ২ হাজাৰৰ পৰা বৃদ্ধি কৰি ২২০০ টকা কৰি দিয়া হৈছে।
এই বেণ্ডৰ উচ্চ সীমা ৭৮০০ টকা নিৰ্ধাৰণ কৰা হৈছে।
পূৰ্বে আছিল ৬ হাজাৰ টকা।
পিছত বেণ্ড ৪০-৬০ মিনিট, ৬০-৯০ মিনিট, ৯০-১২০ মিনিট, ১২০-১৫০ মিনিট, ১৫০-১৮০ মিনিট আৰু ১৮০-২১০ মিনিটৰ অবধিৰ উৰণৰ বাবে।
অৰ্থাৎ যিসমূহ বিমানে যিমান সময়তে নিজৰ যাত্ৰা সম্পূৰ্ণ কৰিব সেইসমূহ বিমানৰ ভাড়া সিমানেই বৃ্দ্ধি হ’ব।
বৰ্তমানৰ বেণ্ড আৰু তাৰ ভাড়া?
- ৪০-৬০ মিনিট- ২৮০০ৰ পৰা ৯ হাজাৰ ৮০০ টকা
- ৬০-৯০ মিনিট- ৩৩০০ৰ পৰা ১১ হাজাৰ ৭০০ টকা
- ৯০-১২০ মিনিট- ৩৯০০ৰ পৰা ১৩ হাজাৰ টকা
- ১২০-১৫০ মিনিট- ৫০০০ৰ পৰা ১৬ হাজাৰ ৯০০ টকা
- ১৫০-১৮০ মিনিট- ৬১০০ৰ পৰা ২০ হাজাৰ ৪০০ টকা
- ১৮০-২১০ মিনিট- ৭২০০ৰ পৰা ২৪ হাজাৰ ২০০ টকা
পূৰ্বে মূল্য আছিল?
- ৪০-৬০ মিনিট- ২৫০০ৰ পৰা ৭৫০০ টকা
- ৬০-৯০ মিনিট- ৩০০০ৰ পৰা ৯০০০ টকা
- ৯০-১২০ মিনিট- ৩৫০০ৰ পৰা ১০০০০ টকা
- ১২০-১৫০ মিনিট- ৪৫০০ৰ পৰা ১৩০০০ টকা
- ১৫০-১৮০ মিনিট- ৫৫০০ৰ পৰা ১৫৭০০ টকা
- ১৮০-২১০ মিনিট- ৬৫০০ৰ পৰা ১৮৬০০ টকা
দৰাচলতে ক’ৰোনা ভাইৰাছ মহামাৰীৰ পূৰ্বে এয়াৰলাইঞ্চ কোম্পানীসমূহে নিজৰ বিমানৰ ভাড়া নিজে নিৰ্ধাৰণ কৰিছিল,
ইয়াত চৰকাৰৰ কোনোধৰণৰ দখল নাছিল।
ইফালে ভাড়া বৃদ্ধি হোৱাৰ কাৰণ হ’ল- বিগত বৰ্ষৰ মে’ৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ ইন্ধনৰ মূল্য যথেষ্ট বৃদ্ধি হ’বলৈ ধৰিছে।
Photo: Google