নিউজ ডেস্কঃ প্ৰায় ৬ দিন হৃদৰোগত আক্ৰান্ত হৈ উডলেণ্ড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ফৰচুন তেলৰ ব্ৰেণ্ড এম্বেচেডৰ তথা প্ৰাক্তন অধিনায়ক লগতে BCCI-ৰ অধ্যক্ষ সৌৰভ গাংগুলী ৷
এই সময়ছোৱাতে ফৰচুন তেলৰ পৰা তেওঁ অভিনীত বিজ্ঞাপনটো আঁতৰাই দিয়া হ’ল ৷
সৌৰভ গাংগুলী হৃদৰোগ আক্ৰান্ত হোৱাৰ পিছতে ফৰচুন তেলৰ আধাৰত তেওঁ অভিনয় কৰা বিজ্ঞাপনটোৰ ওপৰত ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ব্যংগাত্মক ছবি প্ৰচাৰ হৈছিল।
উল্লেখ্য, সৌৰভ গাংগুলী অভিনীত বিজ্ঞাপনটোত ফৰচুন তেল হৃদযন্ত্ৰৰ বাবে উপকাৰী বুলি প্ৰচাৰ চলোৱা হৈছিল।
কিন্তু গাংগুলী হৃদৰোগত আক্ৰান্ত হোৱাত সমাজত ঋণাত্মক প্ৰভাৱ পেলোৱাৰ লগতে ছ’চিয়েল মিডিয়াই এই বিজ্ঞাপনটো নঞাৰ্থক হিচাপেও বিবেচিত কৰি তুলিলে ৷
যাৰ ফলত গাংগুলী অভিনীত ফৰচুন তেলৰ বিজ্ঞাপনটো আঁতৰাবলৈ বাধ্য হ’ল প্ৰতিষ্ঠানটোৱে।
উল্লেখযোগ্য যে বিজ্ঞাপনটোক লৈ ফেচবুক, হোৱাটছএপ আৰু টুইটাৰত বহুলভাৱে চৰ্চা হোৱাৰ পিছত সমসাময়িকভাৱে এই বিজ্ঞাপনটো প্ৰচাৰৰ পৰা দূৰত থাকে আদামি উইলমাৰ প্ৰতিষ্ঠানটো।