নিউজ ডেস্কঃ ভাৰতৰ শীৰ্ষতম তথ্য-প্ৰযুক্তিৰ উদ্যোগ এইচচিএলৰ প্ৰতিষ্ঠাতা শিৱ নাডৰে আজি উদ্যোগটোৰ অধ্যক্ষৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে৷
দিল্লীৰ সবাতোকৈ ধনী ব্যক্তি হিচাপে পৰিচিত শিৱ নাডৰৰ জন্ম হৈছিল ১৯৪৫ চনৰ ১৪ জুলাইত৷ ১৯৭০ চনৰ আগভাগত তেওঁ এইচচিএল উদ্যোগটো প্ৰতিষ্ঠা কৰিছিল৷ অতিশয় কঠোৰ পৰিশ্ৰম তথা নিষ্ঠাৰে তেওঁ উদ্যোগটোক দেশৰ ভিতৰতে অন্যতম শীৰ্ষৰ তথ্য প্ৰযুক্তিৰ উদ্যোগ হিচাপে গঢ়ি তুলিবলৈ সমৰ্থ হৈছিল৷
আজি তেওঁ উদ্যোগটোৰ অধ্যক্ষৰ পদৰ পৰা অব্যাহতি লোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ সুযোগ্যা জীয়ৰী ৰৌশনি নাডৰ মালহোট্ৰাই অধ্যক্ষাৰ পদত আসীন হয়৷
উল্লেখ্য, শিৱ নাডৰৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল ১.২০ লাখ কোটি টকা৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট
Well played Mr. Shiv Nadar! What an innings. HCL technologies grew from a cub to a full grown Lion. pic.twitter.com/CR2RP3H1Yu
— Marketing Maverick (@MarketingMvrick) July 17, 2020
Roshni Nadar Malhotra, India's wealthiest woman, is new HCL Tech chairperson as Shiv Nadar steps down.https://t.co/qxN3bECdgh
— TIMES NOW (@TimesNow) July 17, 2020