ৰাতিপুৱাৰ সময়ত আপুনি কেতিয়াও এই তিনিটা বস্তুৰ দান নকৰিব, কৰিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব। লগতে জানক কিছুমান কাৰ্যৰ বিষয়ে, যিবোৰ আপুনি ৰাতিপুৱা সময়ত কৰিলে আপোনাক ধনবান হ’বলৈ কোনেও ৰখাব নোৱাৰে।
গীতাত লিখা আছে যে, মানুহে দুটা বস্তু কেতিয়াও দান কৰিব নালাগে। আজি আমি আপোনালোকক সেই বিষয়ে জনাম আপুনি জানেনে যে, কিছুমান বস্তু আমি দান কৰিব নোৱাৰোঁ আৰু কিছুমান বস্তু এনেকুৱাও আছে যিবোৰ আপুনি ৰাতিপুৱা সময়ত দান কৰিব নালাগে।
যদি আপুনিও ঘৰত সুখ- সমৃদ্ধি আৰু ঘৰত মা লক্ষ্মীয়ে বাস কৰাতো বিচাৰে তেন্তে ৰাতিপুৱাৰ সময়ত কিছুমান শুভ কাম কৰিব লাগিব আৰু তাৰ বাবে কিছুমান নিয়ম বনোৱা হৈছে। যিবোৰ পালন কৰিলে মানুহে সকলো প্ৰকাৰৰ সুখ-সমৃদ্ধি উপভোগ কৰিব পাৰে।
সেই কাৰণে, আমি আপোনালোকক জনাম, সদায় ৰাতিপুৱা উঠি এনেকুৱা তিনিটা কি কাম আছে যিটো কৰিলে মানুহৰ জীৱনলৈ সুখ- সমৃদ্ধি আহে আৰু কি দৰে জীৱনৰ পৰা দৰিদ্ৰতাৰ লগতে নকাৰাত্মকতা আতঁৰি যায়।
ক) ৰাতিপুৱা শুই উঠি, দুয়োখন হাত ঘঁহি, তাৰ দৰ্শন কৰি এটা মন্ত্ৰ গাব লাগে। কাৰাগৰে বচতে লক্ষ্মী, কৰমধ্যে সৰস্বতী, কৰমূলেটো গোবিন্দ প্ৰভাতেই দৰ্শনমঃ। ইয়াৰ অৰ্থ হ’ল, হাতৰ আগৰ ভাগত লক্ষ্মীৰ বাস মধ্যভাগত সৰস্বতীৰ আৰু হাতৰ শেষত ভগৱান কৃষ্ণ অৰ্থাৎ গোবিন্দৰ বাস। সেই কাৰণে প্ৰতিদিনে হাতৰ দৰ্শন কৰিলে মা লক্ষ্মী, সৰস্বতী আৰু ভগৱান কৃষ্ণ আশীৰ্বাদ প্ৰাপ্ত হয়। প্ৰতিদিনে এনেকুৱা কৰিলে ব্যক্তিৰ জীৱনৰ পৰা দুখ আতঁৰ হৈ যায়।
খ) ৰাতিপুৱা গা ধুই অহাৰ পাছত তুলসী গছৰ দৰ্শন কৰি জল অৰ্পণ কৰিব লাগে আৰু তুলসী মাৰ পূজা কৰিব লাগে। ইয়াৰ ফলত আপোনাৰ জীৱনৰ নেতিবাচক প্ৰভাৱবোৰ আঁতৰ হৈ যাব। আপোনাৰ জীৱনটো সুখ- সমৃদ্ধিৰে ভৰি পৰিব।
গ) ভগৱান কৃষ্ণই কৈ গৈছে, মানুহে ৰাতিপুৱা সদায় সূৰ্যদেৱক জল অৰ্পণ কৰিব লাগে। সূৰ্যদেৱে সমস্ত পৃথিৱীকে শক্তি প্ৰদান কৰে। সেই কাৰণে ৰাতিপুৱা সদায় সূৰ্যদেৱৰ উপাসনা কৰিলে মানুহৰ জীৱনৰ পৰা নকাৰাত্মকতা আঁতৰি যায়।
ঘ) ঈশ্বৰৰ উপদেশ মৰ্মে, মানুহে ৰাতিপুৱা সদায় ব্ৰহ্ম মহূৰ্তত সাৰ পাব লাগে। বিশেষকৈ ঘৰৰ মহিলাসকলে এইসমূহ কথা ধ্যান দিব লাগে। ব্ৰহ্ম মহূৰ্তত ঈশ্বৰৰ ভক্তিত নিজকে মগ্ন কৰি ৰাখিব লাগে। তাৰ পিছতহে বেলেগ কামত হাত দিব লাগে। সেই কাৰণে মানুহে ৰাতি সোনকালেই শুব লাগে।
ঙ) ৰাতিপুৱা উঠি যেনেকৈ আপুনি গা ধুই শুদ্ধ হৈ যায়, তেনেকৈ ৰাতিপুৱা সদায় ঘৰৰ মুখ্য দুৱাৰো চাফ-চিকুণ কৰিব লাগে। ইয়াৰ দ্বাৰা মা লক্ষ্মী প্ৰসন্ন হ’ব আৰু আপোনাৰ ঘৰত প্ৰসন্ন হৈ প্ৰৱেশ কৰিব। যদি আপোনাৰ জীৱনত শত্ৰুৰ সংখ্যা বেছি আৰু আপুনি শত্ৰু নাশ হোৱাটো বিচাৰে, তেতিয়া সপ্তাহত এদিন নিমখ পানীৰে ঘৰ চাফ-চিকুণ কৰিব লাগে। এনে কৰিলে আপোনাৰ সকলো শত্ৰুৰ নাশ হৈ যাব। যদি আপুনি বিচাৰে সদায় আপোনাৰ স্বাস্থ্য ভালেই থকাতোঁ তেতিয়া ৰাতি তামৰ বাচনত পানী ভৰাই থওঁক আৰু ৰাতিপুৱা খালি পেটত সেই পানী পান কৰক।
চ) ঈশ্বৰৰ পিছত দ্বিতীয় স্থান মা-দেউতাৰ হয়। সদায় মা-দেউতাৰ ভৰিত ধৰি আশীৰ্বাদ লোৱাৰ লগতে ৰাতি তেওঁলোকক সেৱা কৰাৰ পিছতহে শুৱ লাগে। এনে কৰিলে মা-দেউতাৰ লগতে ভগৱানো বহুত প্ৰসন্ন হয়। আপোনাৰ মা-দেউতাৰ মাধ্যমেৰে আপোনাৰ ওপৰত ভগৱানৰ আৰ্শীবাদ থাকে। সেয়েহে সদায় মা-দেউতাৰ আদৰ আৰু সন্মান কৰক।
এতিয়া জানো আহঁক..কোনবোৰ বস্তু আপুনি ৰাতিপুৱা দান কৰিব নালাগে
১. ভোজন। ৰাতিপুৱা যদি আপুনি ভোজন দান কৰিব বিচাৰে তেতিয়া নতুনকৈ ভোজন বনাইহে দান কৰিব লাগে। বহু মানুহে ৰাতি থাকি যোৱা ভোজন দুখীয়া মানুহক দান দিয়ে। এনে কাম নকৰিব। এটা কথা মনত ৰাখিব, এনেকুৱা ভোজন ৰাতিপুৱা সময়ত দান কৰিলে আপুনি পুণ্যৰ সলনি পাপৰহে সহভাগী হ’ব।
২. ৰাতিপুৱা সময়ত অন্নৰ দান। বহুত মানুহে ৰাতিপুৱা সময়ত চাউল, আটা দুখীয়া মানুহক দান দিয়ে। কোনোবা দুখীয়া মানুহক অন্নৰ দান কৰিলে ঘৰলৈ সুখ-সমৃদ্ধি, ধন-সম্পত্তি সকলো আহে। মা লক্ষ্মী আৰু মা অন্নপূৰ্ণা বহুত প্ৰসন্ন হৈ পৰে। কিন্তু আপুনি জানেনে যে, ৰাতিপুৱা সময়ত অন্নৰ দান বহুত উত্তম। কিন্তু অন্ন দান কৰোঁতে ওমঃ বিষ্ণুয়ে নমেহঃ এই মন্ত্ৰটো তিনিবাৰ জপ কৰিব লাগে। এই মন্ত্ৰটো জপ নকৰাকৈ যিয়ে দান দিয়ে সেই মানুহজন পাপৰ সমভাগী হৈ পৰে। শাস্ত্ৰত কোৱা হয় এনেকুৱা দান বিফল হৈ পৰে।
৩. তাম। যি ব্যক্তিৰ কুণ্ডলীত সপ্তম বা অষ্টম ভাগত সূৰ্য থাকে তেনে ব্যক্তিয়ে ৰাতিপুৱা বা সন্ধিয়া সময়ত তামৰ দান কৰিব নালাগে। আপুনি দিনৰ অন্য সময়ত কৰিব পাৰে।
সেইদৰে কিছুমান এনেকুৱা বস্তু আছে ,যাৰ দান আপুনি কেতিয়াও কৰিব নালাগে। লাগিলে যি সময়েই নহওঁক। আপুনি কেতিয়াও এইসমূহ বস্তু দান কৰিব নালাগে। ন’হলেবা আপোনাৰ পতন হ’বলৈ সময় নালাগিব। আগদিনাৰ ভোজন বা বেয়া হৈ যোৱা ভোজন কেতিয়াও কাকো দিব নালাগে। সেইদৰে ফটা কাপোৰ, পুৰণা চেন্দেল আৰু জোতা কেতিয়াও দান কৰিব নালাগে। নিজৰ ঘৰৰ ঝাৰু কেতিয়াও কাকো দান দিব নালাগে। ইয়াৰ ফলত মা লক্ষ্মীয়ে আপোনাৰ ঘৰ চিৰদিনৰ বাবে এৰি দিব পাৰে। ঘৰৰ বাচন দান কৰাৰ ফলতো মা লক্ষ্মী অসন্তুষ্ট হয়। যদি আপুনি বাচন দান কৰিব বিচাৰে, তেতিয়া নতুন বাচন দান কৰিব পাৰে। ঘৰত ব্যৱহাৰ কৰা তেল দান কৰিলে শনিদেৱ ৰুষ্ট হৈ পৰে আৰু মানুহ লাহে লাহে দুখীয়া হৈ পৰে।