নেচনেল ডেস্কঃ বিশ্ব স্বাস্থ্য সংস্থাৰ ২২ জুন ২০২০ তাৰিখৰ এক প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰতি লাখ জনসংখ্যাত ক’ভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা সবাতোকৈ কম বুলি প্ৰদৰ্শিত হৈছে৷ মঙলবাৰে এই তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে৷ সমগ্ৰ বিশ্বত প্ৰতি লাখ জনসংখ্যাত ৬.০৪ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাৰ বিপৰীতে ভাৰতত প্ৰতি লাখ জনসংখ্যাত ১.০০ জন লোকৰহে ক’ভিড-১৯ত মৃত্যু হৈছে, মন্ত্ৰালয়ে এক বিবৃতিযোগে এই তথ্য প্ৰকাশ কৰিছে৷
ভাৰতত প্ৰতি লাখ জনসংখ্যাত ক’ভিড-১৯ত ১ জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সমগ্ৰ বিশ্বতে ৬.০৪ জন লোকৰ মৃত্যু হৈছে, স্বাস্থ্য মন্ত্ৰালয়ে এইদৰে কয়
২২ জুন ২০২০ তাৰিখৰ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন ১৫৪ অনুসৰি ভাৰতত প্ৰতি লাখ জনসংখ্যাত সবাতোকৈ কম সংখ্যক লোকৰ মৃত্যু হৈছে
ভাৰতত কাৰ্যকৰী ক্লিনিকেল ব্যৱস্থাপনাৰ সৈতে আগতীয়াকৈ চিনাক্ত কৰা পৰিঘটনা, সময়মতে কৰা পৰীক্ষণ তথা নিৰীক্ষণ আৰু সংস্পৰ্শলৈ অহা লোকৰ ব্যাপক অনুসৰণৰ ফলত মৃত্যুৰ হাৰ যথেষ্টখিনি কম হৈছেঃ চৰকাৰ