আপোনালোকৰ মনত পৰিছে নে বিগত বৰ্ষত আজিৰ দিনটোৰ কি তাৎপৰ্য আছিল? হয়, আজি ‘জনতা কাৰ্ফিউ’ৰ এবছৰ সম্পূৰ্ণ হৈছে৷ ‘জনতা কাৰ্ফিউ’, এক নাভূত-নাশ্ৰুত ঘটনা৷ কোনো ৰাজনৈতিক অচলাৱস্থা নহয়, কোনো অৰ্থনৈতিক অচলাৱস্থা নহয়৷ এয়া নিজকে নিজে বন্ধ কৰি ৰখাৰ প্ৰক্ৰিয়া৷ তাকো মহামাৰীৰ পৰা৷ এনে মহামাৰী যাৰ বিষয়ে কোনেও ক’তো শুনা নাই৷ এক অদৃশ্য ঘাতক৷ আজিৰ পৰা এবছৰ পূৰ্বে অৰ্থাৎ আজিৰ দিনটোতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘জনতা কাৰ্ফিউ’ৰ আহ্বান জনাইছিল৷
প্ৰধানমন্ত্ৰীয়ে টেলিভিচনযোগে সমগ্ৰ দেশবাসীক সম্বোধন কৰি ২২ মাৰ্চ ২০২০ তাৰিখে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৯ বজালৈ জনতা কাৰ্ফিউৰ আহ্বান জনাইছিল৷ সেই সময়ত ভাৰতত চাৰিজন লোকৰ মৃত্যু হৈছিল আৰু ১৬৯ জন লোক আক্ৰান্ত হৈছিল৷ ভৱিষ্যতৰ ক্ষতিশংকাক লৈ সতৰ্ক হ’বলৈ প্ৰধানমন্ত্ৰীয়ে এই জনতা কাৰ্ফিউৰ আহ্বান জনাইছিল৷
ক’ৰোনাই কোঙা কৰি পেলোৱা ২০২০ বৰ্ষটোত আমি যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছিলো৷ প্ৰায় কেইবামাহো জোৰা লকডাউনত বিপৰ্যস্ত হৈ পৰিছিল জন জীৱন৷ স্তব্ধ হৈ পৰিছিল দৈনন্দিন কাম-কাজ৷ ক’ৰোনাই সমগ্ৰ বিশ্বজুৰি আক্ৰান্ত কৰিছিল বহু লক্ষাধিক লোকক৷
কিন্তু সেই সময়তো অতন্ত্ৰ প্ৰহৰীৰ ৰূপত জনসাধাৰণলৈ সেৱা আগবঢ়াই আছিল স্বাস্থ্য কৰ্মীসকল, সংবাদ কৰ্মী সকল, অত্যাৱশ্যকীয় সামগ্ৰীৰ সেৱা যোগান ধৰোঁতাসকল৷
তেওঁলোকে দিনে-নিশাই জন সাধাৰণলৈ নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই গৈছিল৷ নিজৰ স্বাস্থ্যজনিত ক্ষতিশংকাকো তুচ্ছ জ্ঞান কৰি ভাৰতৰ জন সাধাৰণক উদ্বিগ্ন হ’বলৈ দিয়া নাছিল৷
এই ক’ৰোনা যোদ্ধাসকলৰ অক্লান্ত সেৱাক স্বীকৃতি দিবলৈ জন সাধাৰণক থালি বজাই উৎসাহিত কৰিবলৈ আহ্বান জনাইছিল নৰেন্দ্ৰ মোদীয়ে৷
বৰ্তমানে টুইটাৰত থালি বজোৱাৰ কেতবোৰ আমোদজনক দৃশ্য ট্ৰেণ্ডত আছে যদিও দেশৰ সমগ্ৰ জন সাধাৰণে সেই সময়ত থালি বজাই যি ধৰণে ক’ৰোনা যোদ্ধাসকলৰ কৰ্মক স্বীকৃতি দিছিল সেয়া নুই কৰিব নোৱাৰি৷
#JanataCurfew Anniversary pic.twitter.com/WxHoXzkeXJ
— Rupesh Biswas🇮🇳 (@RupeshBiswas4) March 22, 2021