সিদিনা এক অন্তৰংগ বন্ধুৱে কৈছিল- – ‘ ইমান অযোগ্য মানুহক সফল হোৱা দেখিছো , ইমান অসৎ মানুহ পাৰ্থিব সকলো সুখেৰে সমৃদ্ধ হোৱা দেখিছো যে আজিকালি মোৰ শ্ৰম আৰু সততা একোৰেই ওপৰত আস্থা নাইকীয়া হৈ পৰিছে’! মই বন্ধুৰ দীৰ্ঘকালীন সংগ্ৰাম দেখিছো। সি সততাৰে কৰি অহা সাধনা দেখিছো। তথাপি কিবা এটা কাৰণত বিচৰাখিনি সি পোৱা নাই। হয়, তেনেকুৱা আমাৰ বহুতৰেই হয়। কোনোবা নহয় কোনোবাখিনিত আমি প্ৰত্যেকেই অনুভৱ কৰো যে প্ৰয়োজনীয় সকলোখিনি দক্ষতা থকা সত্বেও, শাৰীৰিক-মানসিক অনুশীলনত কাৰ্পণ্য নকৰা সত্বেও অদৃশ্যমান কিবা এক কাৰণত আমি বিচৰাধৰণেৰে সফল হ’ব পৰা নাই।প্ৰত্যেক মানুহে জীৱনৰ কোনো নহয় কোনো এক মুহুৰ্তত এয়া অনুভৱ কৰে। আৰু আচলতেই জীৱনত বিচৰাধৰণেৰে সফল হোৱা বা সফল হোৱা বুলি অনুভৱ কৰা মানুহৰ সংখ্যা তেনেই তাকৰ। মানুহমাত্ৰেই অপ্ৰাপ্তিৰ এক যাতনা বুকুত কঢ়িয়াই লৈ ফুৰে। আৰু সেইবাবেই কোনোবাখিনিত নিজকে প্ৰাপ্যৰ পৰা বঞ্চিত বুলিও বেছিভাগ মানুহে অনুভৱ কৰে।অৱশ্যেই বেছিভাগ মানুহে লাগি থাকিলে নিজৰ যোগ্যতা অনুসৰি প্ৰাপ্য খিনি শেষ পৰ্যন্ত লাভ কৰেই। কৰৱাত কোনো অযোগ্যই চল-বল-কৌশল অথবা অনৈতিক পন্থাৰে প্ৰাপ্যতকৈ অধিক লাভ কৰিলেও ক’তো কোনো যোগ্য ব্যক্তিয়ে প্ৰাপ্যতকৈ কম কাহানিও নাপায় বুলিয়েই আমি বিশ্বাস কৰো।এই বিশ্বাস আমাৰ মনত দৃঢ়তাৰে ৰোপণ কৰিছিল আমাৰ দেউতাই। অতি দৰিদ্ৰ অৱস্থাৰ পৰা আহি নিজৰ জীৱনত সফলতা লভা দেউতা আমাৰ বাবে কোনো নায়কতকৈ কম নহয়। দেউতাই আশৈশৱ আমাক কৈ আহিছে – – – – – ‘যোগ্যতা থাকিলে কোনো শক্তিয়ে তোক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নোৱাৰে, অযোগ্যজনে পাবলগীয়াখিনিতকৈ বেছি পোৱা দেখিলেও হতাশ নহ’বি, তই পাব লগা খিনি কোনেও কাঢ়ি নিব নোৱাৰে’। এই কথাখিনি অন্য কোনো এজন লোকে কোৱাহেঁতেন সম্ভৱত: মই অতি তাত্বিক, অবাস্তৱিক আশাবাদ বুলি উদাসীনভাৱে অৱজ্ঞা কৰিলোহেঁতেন। কিন্তু নিজৰ পিতৃৰ শৈশৱৰ সেই দাৰিদ্ৰতা আৰু অভাৱ-যাতনাৰ সাধু সাধু লগা কথাবোৰ তেওঁৰ মুখেৰে অনেক বাৰ শুনিছো বাবেই বিশ্বাস কৰো- – – হেজাৰ বাধা নেওচিও যোগ্যতাই শেষ হাঁহি মাৰেই! সিদিনা বন্ধুৱে আক্ষেপেৰে কথাখিনি কওতে তাকো মই এই একেইখিনি কথাই কৈছিলো।
অৱশ্যেই আজিৰ সময়ত সফলতাৰ বহু চমু পথ ওলাইছে।সাফল্যৰ চৰ্ট কাট জনা মানুহবোৰে অপেক্ষাকৃতভাৱে বহু কম সময়তে আৰু বহু কম যোগ্যতাৰেও নিজৰ আকাংক্ষাৰ স্থান লাভ কৰিছে অৰ্থাৎ সফল হৈছে। আপোনাৰ-মোৰ চৌপাশে এনে বহু মানুহ আছে।আপুনি হয়তো সততাৰে নিজৰ লক্ষ্য সমূহ পূৰণৰ চেষ্টা ব্ৰতী হৈছে।যদিহে আপুনি ছাত্ৰ তেন্তে হয়তো আপুনি নম্বৰতকৈ জ্ঞান আহৰণত অধিক গুৰুত্ব দিছে , হয়তো আপুনি আপোনাৰ অধ্যয়ণৰ বিষয়টোৰ মূল ধাৰণাসমূহ কঠোৰ সাধনাৰে আয়ত্ত কৰিছে, আপুনি নোটছ মুখস্থ কৰা নাই বৰঞ্চ বিষয়বস্তুৰ গভীৰতালৈ গৈ কথাবোৰ নিজা বিচাৰ বিবেচনাৰে অনুধাৱন কৰাৰ চেষ্টা কৰিছে, প্ৰায়োগিক জীৱনত সেই শিকাখিনি প্ৰয়োগ কৰিব বিচাৰিছে। একে সময়তে আপুনি এনে ছাত্ৰ বা ছাত্ৰীও নিসন্দেহে দেখিব বা লগ পাব যাৰ অধ্যয়ণৰ বিষয় বস্তুৰ ওপৰত কোনো ধাৰণা নাই, যিয়ে ভাটৌৰ দৰে কেৱল নোটছ মুখস্থ কৰে আৰু ভাল নম্বৰ লভে। আপুনি হয়তো তেনে ছাত্ৰই দোপতদোপে মাৰ্কশ্বিটৰ নম্বৰৰ বলত ভাল সংস্থাপন এটা লভাও দেখিব, আপুনি দেখিব আপোনাতকৈ বহু কম সাধনাৰেও তেনে ছাত্ৰ বা ছাত্ৰীয়ে ইপ্সিত সকলোখিনি লাভ কৰিছে, সমাজৰ দৃষ্টিত সফল হৈছে!আৰু দেখি থকা এই কথাবোৰেই কেতিয়াবা আপোনাৰ হতাশাৰ কাৰণো হ’ব পাৰে। আপুনি যদিহে চাকৰিয়াল, আপুনি যদিহে ব্যৱসায়ী, আপুনি যদিহে শিক্ষক তেতিয়াও একেই অভিজ্ঞতা হ’ব পাৰে। কৰ্মপ্ৰতিষ্ঠানৰ উন্নতিৰ বাবে আপোনাতকৈ কম কষ্ট কৰাজন আপোনাৰ ওপৰৱালাৰ অধিক প্ৰিয়পাত্ৰ হৈ উঠিব পাৰে, আপুনি সততাৰে ব্যৱসায় কৰি অৰ্জাখিনিতকৈ বহু গুণে বেছি টকা চাউলত শিলৰ গুৰি মিহলোৱা ব্যৱসায়ীজনে আয় কৰা আপুনি দেখিব পাৰে, ছাত্ৰৰ মাজত কেৱল নোটছ বিলোৱা শিক্ষকজন ছাত্ৰসমাজৰ মাজত আপোনাতকৈ বহুগুণে বেছি জনপ্ৰিয় হ’ব পাৰে!কিন্তু এই সকলোবোৰ কথাই কোনো এজন মানুহৰ প্ৰতি সময় আৰু সমাজৰ শেষ বিচাৰ নহয়। পেছা বা কৰ্মক্ষেত্ৰ যিয়েই নহওঁক কিয়, সময়ত সততাৰে শ্ৰম কৰা, চেষ্টা কৰা লোকজনেই স্বীকৃত হয়।মন কৰিব, এই ভাৰততেই পৃথিবীৰ সবাতোকৈ ধনী ব্যৱসায়ীসকলৰ মাজৰ কেইজনমান আছে কিন্তু উদ্যোগপতি বুলিলে কেৱল ৰতন টাটাৰ মুখখনহে মানুহৰ মনলৈ আহে; অন্যসকলক গৰিস্থসংখ্যক মানুহে ব্যৱসায়ী বুলিহে ভাবে, উদ্যোগপতি বুলি নাভাৱে।ইয়াৰ কাৰণ ৰতন টাটা নামৰ মানুহজনৰ সততাৰ ওপৰত থকা গভীৰ আস্থা,দেশৰ প্ৰতিটো বিপদৰ সময়ত তেওঁ আগুৱাই দিয়া সহায়ৰ হাত, দেশৰ শিক্ষা-স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে তেওঁ কৰি অহা নিৰলস প্ৰচেষ্টা। যি নহওঁক, সময়ে শ্ৰেণীবিভাজনবোৰ এইদৰেই কৰে।সময়ে কষ্ট কৰা যিকোনো মানুহক সাফল্যৰ মুখ দেখুৱালেও অতি চতুৰভাৱে সাধনা, কৰ্মৰ প্ৰকাৰ আদিৰ ভিত্তিত সফল মানুহবোৰৰৰ মাজতে বিভাজনৰ এক ৰেখা টানে আৰু সেইভাৱেই সময়ে যোগ্য মানুহজনৰ বাবে ন্যায় সুনিশ্চিত কৰে।
অৱশ্যেই স্মাৰ্ট ৱৰ্কৰ এই দিনত সফল হ’বলৈ কামৰ বা চেষ্টাৰ কিছু পদ্ধতিগত পৰিৱৰ্তন অনাটো জৰুৰী। সেই পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাই লৈ আগুৱাই যোৱাটো জৰুৰী।তথাপি, পদ্ধতি যিয়েই নহওঁক, সাধনা অবিহনে কোনেও সফল হ’ব নোৱাৰে। সাধনা অবিহনে মানুহে এটা নিৰ্দিষ্ট বিন্দুলৈহে আগবাঢ়িব পাৰে।কিন্তু সেই বিন্দু অতিক্ৰম কৰি যাবলৈকে প্ৰয়োজন হয় অপৰিসীম কষ্ট, সাধনা আৰু ধৈৰ্য্যৰ। প্ৰয়োজন হয় নিজৰ ওপৰত আস্থাৰ। আৰু এই গুণখিনি থকা মানুহ সাধাৰণতে বিফল নহয়। আমি এয়াই বিশ্বাস কৰো কিয়নো নিজৰ চৌপাশে যোগ্যজনৰ সৈতে সময়ে এইভাৱেই ন্যায় আচৰণ কৰা দেখি আহিছো।আমি ভাবো, যোগ্যতা আৰু প্ৰাপ্তিৰ মাজত সাময়িকভাৱে অসামঞ্জস্যৰ সৃষ্টি হ’লেও সেয়া চিৰস্থায়ী কাহানিও নহয়। আৰু এয়াই আমাৰ যুঁজি যোৱাৰ সাহস, হয়তো আপোনাৰো!