চৰকাৰী তেল কোম্পানীসমূহে সাধাৰণ লোকৰ মূৰত পুনৰবাৰ মাধমাৰ শোধাইছে।
ইণ্ডিয়ান অইল কৰপৰেচন লিমিটেডৰ ৱেবছাইটৰ অনুসৰি, ৪ ফেব্ৰুৱাৰীত ১৪.২ কিলোগ্ৰামৰ ৰাজসাহাৰ্যবিহীন এলপিজি চিলিণ্ডাৰত ২৫ টকাকৈ বৃদ্ধি কৰিছে।
দিল্লী আৰু মুম্বাইত বৰ্তমান এই LPG চিলিণ্ডাৰ ৬৯৪ টকাৰ পৰা বৃদ্ধি হৈ ৭১৯ টকাত পাই আছে।
ইয়াৰোপৰি কলকাতাত বৰ্তমান এই চিলিণ্ডাৰ ৭২০.৫০ টকাৰ পৰা বৃদ্ধি হৈ ৭৪৫.৫০ টকাত উপলব্ধ।
উল্লেখ্য, বিগত বৰ্ষৰ ১৫ ডিচেম্বৰতো LPG গেছৰ মূল্য ৫০ টকালৈ বৃদ্ধি হৈছিল।
ইয়াৰ পূৰ্বে তেল কোম্পানীসমূহে ১ ফেব্ৰুৱাৰীত বাণিজ্যিক LPG চিলিণ্ডাৰ(১৯ কিলোগ্ৰাম)ৰ দাম ১৯০ টকাকৈ বৃদ্ধি কৰিছিল।
যিটো দিনত বাণিজ্যিক চিলিণ্ডাৰৰ দৰ বৃদ্ধি কৰা হৈছিল সেইটো দিনত ঘৰুৱা চিলিণ্ডাৰৰ দামৰ ক্ষেত্ৰত কোনোধৰণৰ বৃদ্ধি-হ্ৰাস হোৱা নাছিল।
২০২১ৰ প্ৰথমটো দিনত অৰ্থাৎ ১ জানুৱাৰীটো গেছৰ নতুন দাম নিৰ্ধাৰণ কৰা হৈছিল।
ইয়াৰ আধাৰত দিল্লীত ১৪.২ কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰ ৬৯৪ টকা, কলকাতাত ৭২০.৫০ টকা, মুম্বাইত ৬৯৪ টকা আৰু চেন্নাইত ৭১০ টকা কৰা হৈছিল।
গেছ চিলিণ্ডাৰৰ বৃদ্ধি হোৱা দৰৰ বাবে ৰাইজৰ ওপৰত মূল্যবৃদ্ধিৰ যথেষ্ট প্ৰভাৱ পৰা দেখা গৈছে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ২০২০ৰ ১৫ ডিচেম্বৰতো ১৪.২ কিলোগ্ৰাম ওজনৰ গেছ চিলিণ্ডাৰৰ মূল্যও বৃ্দ্ধি কৰা হৈছিল।
৫ মাহলৈ বৃদ্ধি হোৱা নাছিল দৰ
বিগত বৰ্ষৰ ২০২০ৰ জুলাইৰ পৰা ডিচেম্বৰৰ মাজলৈ LPG চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হোৱা নাছিল।
প্ৰথমে ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য জুলাইৰ পৰা প্ৰতিটো চিলিণ্ডাৰত ৫৯৪ টকাকৈ অব্যাহত আছিল।
এই মূল্য ৰাজসাহাৰ্য LPG চিলিণ্ডাৰৰ সমানে আছিল।
৫ মাহলৈ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫৯৪ টকা থকাৰ পিছতো প্ৰায় ১৫ দিনৰ ভিতৰতে ইয়াৰ মূল্য ৬৯৪ টকা হৈছিল প্ৰতিটো চিলিণ্ডাৰত।
ৰন্ধন গেছৰ মূল্যৰ সমীক্ষা ১৫ দিনৰ ভিতৰত কৰা হয়।
এইদৰে কৰক LPG গেছৰ বুকিং
বৰ্তমান LPG চিলিণ্ডাৰ ৰিফিল বা বুকিং এটা মিছ কল দিয়ে কৰিব পাৰি।
তেল কোম্পানী ইণ্ডিয়ান অয়লে এলপিজি গ্ৰাহকসকলৰ চিলিণ্ডাৰ ভৰাবলৈ মিছ কলৰ সুবিধা আৰম্ভ কৰি দিছে।
এতিয়া দেশৰ যিকোনো প্ৰান্তৰ পৰা এটা মিছ কল দি চিলিণ্ডাৰ ৰিফিল কৰিব পাৰে।
গেছ ৰিফিল কৰিবলৈ গ্ৰাহকৰ ফোন নম্বৰ 8454 955 555ত মিছ কল দিব পাৰে।
Photo: Google