মহৰ কুনকুননি শুনি টোপনি ভঙা মানুহ বোধহয় এই বিশ্বতেই নাই।
বিশেষকৈ আঠুৱাৰ ভিতৰৰ মহটোৱে যেতিয়া আপোনাৰ কাণত সংগীতৰ মধুৰ টানৰ সৃষ্টি কৰিব তেতিয়া সেই সংগীত আপোনাৰ বাবে সংগীত নহৈ বিহগীতলৈহে পৰিণত হ’ব।
কিন্তু আপুনি জানেনে মহেও কিদৰে বিচাৰি বিচাৰি মানুহক আক্ৰমণ কৰে ।
পুৰুষৰ তুলনাত মহিলাক বেছি আক্ৰমণ কৰে মহে ।
তাৰোপৰি জীৱৰ তেজ শোষণ কৰে মাইকী মহবোৰে ।
মতা মহে সাধাৰণতে উদ্ভিদৰ ৰস খায় ।
পুৰুষৰ তেজৰ তুলনাত মহিলাৰ তেজ বেছি পচন্দ কৰে এই মহে ।
আচৰিত যেন লাগিলেও সেয়াই সত্য ।
এটা পৰীক্ষাত প্ৰকাশ পাইছে এই কথা ।
এনোফিলিচসহ সকলো মহেই মহিলাৰ তেজৰ প্ৰতি বেছি আকৰ্ষিত হয় ।
কিয়নো, মহিলাৰ ঘ্ৰাণত বেছি পৰিমাণৰ এমিনো এচিড নিঃসৰিত হয় ।
ইয়াৰ উপৰিও মহিলাৰ দেহৰ এক বিশেষ হৰমন ঘামৰ লগত নিৰ্গত হয় যিয়ে মহবোৰক বেছি আকৰ্ষিত কৰে ।