নিউজ ডেস্ক – গৰমেই হওঁক, বা ঠাণ্ডা, ম’হৰ কামোৰৰ পৰা পৰিত্ৰাণ নাই।
এই ‘মহাকামুৰ’বিধৰ কামোৰ খাই নোপোৱা মানুহ হয়তো বিশ্বতেই নাই।
সৰুতে বিজ্ঞানৰ কিতাপত পঢ়িছিলো যে মতা মহে মানুহক নাকামোৰে।
ইহঁতৰ খাদ্য উদ্ভিদৰ ৰস। কিন্তু মাইকী ম’হে কেৱল তেজ খাবলৈ বিচাৰে।
কিন্তু এইবাৰ জানিব পৰা গৈছে যে এই মাইকী ম’হে পুৰুষৰ তুলনাত মহিলা বা নাৰীৰ দেহৰ তেজহে প্ৰথম পচন্দ।
শুনিবলৈ আজব হ’লেও এয়াই সত্য। পতঙ্গবিদসকলে পৰীক্ষা কৰি দেখিছে, এনোফিলিছৰ উপৰি অন্যান্য সকলোবোৰ মাইকী ম’হ মহিলাৰ তেজৰ প্ৰতি বেছি আকর্ষিত হয়।
কাৰণ, নাৰীৰ ঘামৰ সৈতে বিভিন্ন প্রকাৰৰ এমিন’ এছিড যথেষ্ট পৰিমাণে নিসৃত হয়।
এই এমিন’ এছিডবোৰৰ আধিক্যই নাৰীৰ শৰীৰৰ প্রতি টানি আনে ম’হক।
ইয়াৰ উপৰিও নাৰীৰ শৰীৰত থকা এক বিশেষ ধৰণৰ হৰমণ ঘামৰ লগত নির্গত হয় যিয়ে ম’হক আকর্ষণ কৰে।
ফলত পুৰুষৰ তুলনাত বেছিকৈ ম’হৰ কামোৰ খায় নাৰীয়ে। নাৰী দেহৰ প্রতি ম’হৰ ‘আসক্তিৰ’ এই তথ্য সঁচাই অদ্ভুত।
Photo: Google