সোণলৈ ৰূপান্তৰ পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ নদী আমাজন ।
মহাকাশচাৰীয়ে তোলা এখন ফটো ভাইৰেল ছ’চিয়েল মিডিয়াত ।
নাছাই শ্বেয়াৰ কৰিছে পেৰুৰ আমাজনৰ ‘ৰিভাৰ্চ অৱ গ’ল্ড’ এই বিশেষ ফটোখন ।
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ডিচেম্বৰ মাহত তোলা হৈছে ফটোখন ।
একো একোটা বৃহৎ সোণৰ টুকুৰাৰ দৰে জিলিকি আছে নদীখনৰ পানী ।
নাছাৰ ভূ-নিৰীক্ষকৰ মতে, মহাকাশৰ পৰা সোণৰ দৰে জিলিকি থকা প্ৰতিটো পিট একো একোটা সাম্ভাব্য সোণৰ টুকুৰা ।
সাধাৰণতে লুকাই থকা সেই পিটবোৰ সূৰ্যৰ পোহৰত সোণৰ দৰে জিলিকি উঠিছিল ।
আমাজন নদীত পূৰ্বেও স্থানীয় শ্ৰমিকে সোণৰ খনি বিচাৰি খনন কাৰ্য চলাইছিল ।
টেক্সাচ ষ্টেট ইউনিভাৰচিটিৰ জাষ্টিন উইলকিন্সনৰ মতে,পানী আৰু গছবনেৰে আৱৰি আছে পিটবোৰ ।
পানীৰ সোঁতত উটি অহা বহুতো মূল্যবান ধাতু আৰু সোণ আছে আমাজন নদীৰ গৰ্ভত ।
photo: google