কৱৰস্থানত জী উঠিল মৃতদেহ ।
বেংগালুৰুৰ খোৰুচ চাহেব কৱৰস্থানত সংঘটিত হৈছে এই আশ্চৰ্য্যকৰ কাণ্ড ।
এগৰাকী ৪০ বছৰীয়া মহিলাক মৃত ঘোষণা কৰিছিল বেংগালুৰুৰ এখন ব্যক্তিগত হাস্পতাল কৰ্তৃপক্ষই ।
কিন্তু কৱৰস্থানত শেষকৃত্য সমাপন কৰাৰ পূৰ্বেই উশাহ ল’বলৈ আৰম্ভ কৰে মহিলাগৰাকীয়ে ।
দৃশ্য দেখি স্তম্ভিত কৱৰস্থানত উপস্থিত সকলো ব্যক্তি ।
মহিলাগৰাকীৰ নাম য়াচমিন বানু ।
১৮ জানুৱাৰীত য়াচমিন বানুৰ মগজুৰ এটা অপাৰেচন সম্পন্ন হৈছিল হাস্পতালখনত ।
অপাৰেচন সফলভাৱে সম্পন্ন হোৱাৰ পিছত তেওঁৰ মগজু মৃত অৱস্থাত আছিল ।
কিন্তু চিকিৎসক আৰু পৰিয়ালৰ লোকৰ ভুল বুজা-বুজিৰ বাবে মৃত বুলি কৱৰস্থানলৈ লৈ যোৱা হৈছিল য়াচমিন বানুক ।
কৱৰস্থানতে জী উঠা মহিলাগৰাকীক দেখি লোকসকলে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসা আৰম্ভ কৰে ।
উল্লেখ্য, ব্যক্তিৰ জীৱনক লৈ কৰা এনেধৰণৰ অৱহেলাৰ বাবে হাস্পতাল কৰ্তৃপক্ষক তীব্ৰ সমালোচনা কৰে স্থানীয় লোকে ।