বেংগালুৰু ০৮.০৬.২০২০- সোমবাৰে অৰ্থাৎ ০৮.০৬.২০২০ তাৰিখে ভাৰতীয় শ্বেয়াৰ বজাৰত হোৱা উত্থানৰ খবৰে বিনিয়োগকাৰীসকলৰ মাজত প্ৰত্যাশা জগাই তুলিছে৷ ক’ৰোনা ভাইৰাছৰ ফলত বলৱৎ কৰা লকডাউন শিথিল হোৱাৰ পৰিপ্ৰেক্ষিতত এছিয়াৰ তৃতীয় বৃহত্তম অৰ্থনীতিত এই উত্থান দেখিবলৈ পোৱা গৈছে৷
এনএছই নিফটি ৫০ ব্লুছিপ ইনডেক্স ১.৫% বৃদ্ধিৰ সৈতে ১০,২৯৭ সূচাংকলৈ বৃদ্ধি হয়৷ আনহাতে এছএণ্ডপি বিএছই ইনডেক্স ১.৪২% বৃদ্ধিৰে ৩৪,৭৭৩.৬৭ সূচাংকলৈ বৃদ্ধি হয়৷ দুয়োটা ইনডেক্সেই বিগত দুটা সপ্তাহত ১১%ৰ ওপৰলৈ বৃদ্ধি হৈছে৷
ঠিক সেইদৰে নিফটি বেংকিং ইনডেক্স আৰু বিত্তীয় ইনডেক্সত যথাক্ৰমে ২.৬৯ আৰু ২.০৩%লৈ বৃদ্ধি হয়৷
একে সময়তে গোলকীয় শ্বেয়াৰ মূল্যও বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ অৰ্থনীতি অতি সোনকালে সংশোধনৰ পথলৈ আহিব বুলি আশা প্ৰকাশ কৰা হৈছে৷