পাচলিৰ ভিতৰত আলু সকলোৰে প্ৰিয় ৷
আমাৰ দৈনন্দিন জীৱনত আলু প্ৰতিটো সাঁজত খোৱা হয় ৷
আলু এনে এবিধ পাচলি যি আমাৰ সকলো ব্যঞ্জনতে মিলি যায় ৷
আপুনি জানেনে আপুনি ভালপোৱা এইবিধ পাচলিৰ সৌন্দৰ্যচৰ্চাৰ বিষয়ে …?
১. আপুনি খাবলৈ অনা আলুৰ আপোনাৰ প্ৰয়োজন অনুসৰি ১-২টাৰ বাকলি গুচাই সিজাই ল’ব ৷
২. আপুনি সিজাই কৰি লোৱা আলুটো ভালদৰে এখন পাত্ৰত পিটিকি ল’ব ৷
৩. আপুনি পিটিকি লোৱা আলুখিনিত চন্দন কাঠৰ পাউডাৰ বা মুলতানী মাটি, গোলাপ জল আৰু গ্লিচাৰীণ মিহলাই ল’ব ৷
৪. ৩০-৪৫ মিনিট সময় এই মিশ্ৰণটোক থৈ দিব , যাতে মিশ্ৰণটো ভালদৰে মিহলি হৈ যায় ৷
ফ্ৰীজতো ৰাখিব পাৰে এই মিশ্ৰণটো ৷
৫. আপুনি বনোৱা মিশ্ৰণটো গা ধোৱাৰ আগত ব্যবহাৰ কৰিব ৷ এই মিশ্ৰণটো আপোনাৰ সমগ্ৰ ছালতে ব্যৱহাৰ কৰিব পাৰে বা কেৱল ৰ’দে পোৰা অংশতো লগাব পাৰে ৷
৬. এই মিশ্ৰণটো আপুনি ব্যৱহাৰ কৰিলে প্ৰায় ৩০ মিনিট সময় ৰাখিব পাৰে বা ইয়াৰ দ্বাৰা স্ক্ৰাৱো কৰিব পাৰে ৷
৭. মিশ্ৰণটো শৰীৰত স্ক্ৰাৱ নকৰে যদি আপোনাৰ ছালত শুকাবলৈ দিব ৷
৮. মিশ্ৰণটো আপোনাৰ ছালত শুকোৱাৰ পিছত পানী লগাই স্ক্ৰাৱ কৰিব ৷
৯. এনেদৰে দৈনিক কৰিলে আপোনাৰ ছানবাৰ্ণ নিঃশেষ হোৱাৰ লগতে আপোনাৰ ছালখনো বগা হৈ পৰিব ৷
১০. লগতে আপোনাৰ ছালখনে হেৰুওৱা আৰ্দ্ৰতা পুনৰ ঘূৰাই পাব ৷