নিউজ ডেস্কঃ আপোনাৰ ছালখন অধিক উজ্জ্বল আৰু বগা কৰি তুলিবলৈ ব্যৱহাৰ কৰিব পাৰে মাহ,ম’থা, হালধি আৰু গাখীৰৰ এটা সংমিশ্ৰণ ৷ জানি লও আহক ইয়াৰ ব্যৱহাৰ আৰু উপকাৰিতাৰ বিষয়ে –
- প্ৰথমে আপুনি মাহ,হালধিখিনি গুৰি কৰি লওক ৷ আপুনি ইয়াত শুকান বা কেঁচা হালধিও ব্যৱহাৰ কৰিব পাৰে ৷
- আপুনি গুড়ি কৰি লোৱা সামগ্ৰীখিনিত এতিয়া কেচা গাখীৰ অলপ মিহলাই লওঁক ৷
- এনেকৈ আপুনি সদায় গা-ধোৱাৰ আগত ফেচ্ পেকৰ দৰে গোটেই শৰীৰত ব্যৱহাৰ কৰিব পাৰে ৷
- এই প্ৰলেপটো আপুনি ৫-১৫ মিনিট লৈ ৰাখিব ৷
- অধিক সুফল পাবলৈ আপুনি ৩ মাহৰ পৰা ৬ মাহ পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰে ৷