আজৱ ভাৰতৰ গজৱ কাণ্ড! মুন্নাভাই চিকিৎসকৰ অভাৱ নাই দেশত। কিন্তু এইবাৰ মুন্নাভাইকো চেৰাই গৈ এজন চিকিৎসকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। বাওঁ ভৰিৰ সমস্যাত ভুগি থকা এজন লোকক পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল হাস্পতালত। চিকিৎসকে তেওঁৰ অস্ত্ৰোপচাৰো কৰে। কিন্তু তাতেই লাগিল কেণা।
উত্তৰ প্ৰদেশৰ আম্বলখেৰাৰ বাসিন্দা যোগেন্দ্ৰ সিঙে পৰি ভৰিত দুখ পাইছিল। তেওঁক এতমাদৌল্লাত থকা ডাঃ শশীফাল ছড়ানাৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসকে তেওঁৰ ভৰিৰ অস্ত্ৰোপচাৰ কৰে। কিন্তু বাঁওভৰিৰ হাড়ত দুখ পোৱা লোকজনক চিকিৎসকে কৰে সোঁভৰিৰ অস্ত্ৰোপচাৰ। এই কথা পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
আনহাতে, চিকিৎসালয়খনৰ চিকিৎসকে প্ৰকাশ কৰিছে যে, যোগেন্দ্ৰৰ পৰিয়ালৰ লোকসকলে উত্থাপন কৰা অভিযোগ সঁচা নহয়। লোকজনে দুয়োখন ভৰিতে আঘাত পাইছিল যাৰ বাবে তেওঁৰ দুয়োভৰিৰে অস্ত্ৰোপচাৰ কৰিব লাগিব। চিকিৎসকে সঠিক চিকিৎসাৰ আশ্বাস দিয়াত ৰোগীজনৰ তৰফৰ পৰা কোনো গোচৰ দিয়া হোৱা নাই।