নেচনেল ডেস্কঃ কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আনলক-২ৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰি কনটেইনমেণ্ট জ’নৰ বাহিৰত বিভিন্ন কাম-কাজ মুকলি কৰিছে৷ ১ জুলাই, ২০২০ৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই নিৰ্দেশনা অনুসৰি পৰ্যায়ক্ৰমে এই কাম-কাজবোৰ পুনৰ আৰম্ভ কৰা হ’ব৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা লাভ কৰা মতামত আৰু কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ সৈতে হোৱা ব্যাপক আলোচনাৰ ভিত্তিত এই নতুন নিৰ্দেশনা আজি জাৰি কৰা হৈছে৷
৩০ মে’ত জাৰি কৰা আনলক-১ ৰ নিৰ্দেশনাত ধৰ্মীয় অনুষ্ঠান, হোটেল, ৰেস্তোৰাঁ আৰু শ্বমিং মলকে ধৰি কনটেইনমেণ্ট জ’নৰ বাহিৰৰ কেতবোৰ ক্ষেত্ৰত কাম-কাজ পুনৰ আৰম্ভ কৰিবলৈ কোৱা হৈছিল৷
আনলক-২ৰ বাবে নতুন নিৰ্দেশনাৰ মুল বৈশিষ্ট্যসমূহঃ
ঘৰুৱা বিমান আৰু যাত্ৰীবাহী ৰে’ল সীমিত পৰিমাণে চলাচল কৰা অনুমতি দিয়া হৈছে৷ ইয়াৰ চলাচল নিৰ্দিষ্ট মাপকাঠিৰ ভিত্তিত আৰু অধিক বৃদ্ধি কৰা হ’ব৷
নৈশ সান্ধ্য আইনৰ সময় কিছু ৰেহাই দি নিশা ১০ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ কৰা হৈছে৷ অৱশ্যে এই ক্ষেত্ৰত কেইবাটাও শ্বিফটত ঔদ্যোগিত গোট, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথেৰে ব্যক্তিৰ আহ-যাহৰ লগতে সামগ্ৰী কঢ়িওৱা, সামগ্ৰী বোজাই কৰা বা নমোৱা, বাছ, ৰে’ল আৰু বিমানেৰে অহা যাত্ৰীৰ চলাচলত ৰেহাই দিয়া হৈছে৷
এলেকাৰ ওপৰত ভিত্তি কৰি এবাৰত পাঁচজনকৈ গ্ৰাহকেৰে দোকান খুলিব পাৰিব, কিন্তু তেওঁলোকে উপযুক্ত সামাজিক দুৰত্ব মানি চলিব লাগিব৷
• ১৫ জুলাই, ২০২০ৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ কাম-কাজ আৰম্ভ কৰাৰ অনুমতি দিয়া হ’ব৷ এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে মানসম্পন্ন পৰিচালন পদ্ধতি জাৰি কৰিব৷
• ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে হোৱা ব্যাপক আলোচনাৰ ভিত্তিত বিদ্যালয়, মহাবিদ্যালয়, কোচিং প্ৰতিষ্ঠানসমূহ ৩১ জুলাই, ২০২০লৈকে বন্ধ ৰখা হ’ব৷
• বন্দে ভাৰত মিচনৰ অধীনত আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ বাবে যাত্ৰীসকলক অনুমতি প্ৰদান কৰা হৈছে৷
•
• নিম্লোলিখিত দিশসমূহৰ বাদে কনটেইনমেণ্ট জ’নৰ সকলো কাম-কাজত অনুমতি প্ৰদান কৰা হৈছেঃ
i. মেট্ৰ’ ৰে’ল
ii. চিনেমা হল, জিম, ছুইমিং পুল, মনোৰঞ্জন উদ্যান, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ আৰু অনে অন্যান্য ঠাইসমূহ৷
iii. সামাজিক/ৰাজনৈতিক/ক্ৰীড়া/মনোৰঞ্জন/শৈক্ষিক/সাংস্কৃতিক/ধৰ্মীয় কাৰ্যসূচী আৰু অন্যান্য সমাৱেশ৷
পৰিস্থিতিৰ ওপৰত ভিত্তিত কৰি এইবোৰ খোলাৰ দিন পৃথকে সিদ্ধান্ত লোৱা হ’ব৷
• ৩১ জুলাই, ২০২০লৈকে লকডাউন বাহাল থাকিব আৰু ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ ভিত্তিত কনটেইনমেণ্ট জ’নসমূহত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব৷
• সংশ্লিষ্ট উপায়ুক্তসকলে ৱেবছাইটত কনটেইনমেণ্ট জ’নৰ জাননী জাৰি কৰাৰ লগতে সেই সম্পৰ্কে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সৈতে শ্বেয়াৰ কৰিব৷
• কনটেইনমেণ্ট জ’ন সমূহত উপযুক্তভাৱে নিষেধাজ্ঞা বলবৎ হৈছে নে নাই সেয়া স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে নিৰীক্ষণ কৰিব৷
•
• কনটেইমমেণ্ট জ’নৰ বাহিৰ কাম-কাজ সম্পৰ্কে ৰাজ্যসমূহে সিদ্ধান্ত ল’ব
•
• ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কনটেইমমেণ্ট জ’নৰ বাহিৰ কাম-কাজ নিষেধাজ্ঞা আৰু খোলা ৰখাৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব৷ অৱশ্যে এই ক্ষেত্ৰত ব্যক্তিৰ লগতে সামগ্ৰী অনা-নিয়াত কোনো আন্তঃৰাজ্যিক আৰু অন্তঃৰাজ্যিক নিষেধাজ্ঞা নাথাকিব৷ ইয়াৰ বাবে পৃথক অনুমতিৰো প্ৰয়োজন নহ’ব৷
• নতুন নিৰ্দেশনাত ৬৫ বছৰৰ ওপৰৰ ব্যক্তি, দুৰাৰোগ্য ৰোগী, গৰ্ভৱতী মহিলা আৰু ১০ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত স্বাস্থ্যজনিত কাৰণৰ বাদে অন্যান্য কাৰণত বাহিৰলৈ নোলাবলৈ পৰামৰ্শ দিয়া হৈছে৷ আৰোগ্য সেতুৰ ব্যৱহাৰ কৰিবলৈও নিৰ্দেশনাত উল্লেখ কৰা হৈছে৷