নিউজ ডেস্কঃ কৰ্মস্থানত নিজতকৈ উচ্চ বিষয়া অথবা উচ্চ পদবীক সন্মান দিয়াটো এক স্বাভাৱিক কথা ৷
ই আমাৰ সমাজত সচৰাচৰ ঘটি থকা এক ঘটনা ৷ অন্ধ প্ৰদেশৰ গুন্টুৰ জিলাতো এনেকুৱা ঘটনা ঘটিছিল ৷
এগৰাকী চক্ৰ পৰিদৰ্শকে (Circle Inpector) এগৰাকী উপ-আৰক্ষী অধীক্ষক (DSP) ছেল্যুট দিছে ৷
অন্ধ প্ৰদেশৰ গুন্টুৰ জিলাৰ এগৰাকী চক্ৰ পৰিদৰ্শক (Circle Inpector) হ’ল শ্যাম সুন্দৰ আৰু এগৰাকী উপ-আৰক্ষী অধীক্ষক (DSP) য়েণ্ডলুৰু জেশে প্ৰশান্থী ৷
শ্যাম সুন্দৰে কৰ্মক্ষেত্ৰত কৰ্তব্য পালন কৰি থকা সময়ত উপ-আৰক্ষী অধীক্ষক য়েণ্ডলুৰু জেশে প্ৰশান্থীক ছেল্যুট দিছে ৷
যিখন ছবিয়ে এতিয়া সমগ্ৰ দেশতে এক খলকনি তুলিছে ৷
এতিয়া আহো মূল কাহিনীলৈ ৷ উক্ত কাহিনীটো দৰাচলতে এহাল পিতৃ-কন্যাৰহে ৷
অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ জিলাৰ এগৰাকী চক্ৰ পৰিদৰ্শক (Circle Inpector) শ্যাম সুন্দৰৰ কন্যা য়েণ্ডলুৰু জেশে প্ৰশান্থী কৰ্মত এগৰাকী উপ-আৰক্ষী অধীক্ষক (DSP) ৷
যদিও য়েণ্ডলুৰু জেশে প্ৰশান্থী চক্ৰ পৰিদৰ্শক (Circle Inpector) শ্যাম সুন্দৰৰ কন্যা হয় তথাপি কৰ্মক্ষেত্ৰ তথা কৰ্মস্থান পিতৃতকৈ উচ্চ পদবীত এতিয়া কৰ্মৰত ৷
য়েণ্ডলুৰু জেশে প্ৰশান্থীয়ে ২০১৮ চনত কৰ্মক্ষেত্ৰত যোগদান কৰে ৷
সচাঁকৈ এগৰাকী পিতৃৰ বাবে ইয়াতকৈ গৌৰৱৰ কাৰণ কি হ’ব পাৰে ? পিতৃ-মাতৃৰ হৃদয়খন সন্তানৰ শ্ৰেণীকোঠা আৰু তাতে যদি সন্তানে সফলতাৰ গগণ চুব পাৰে !
ই সুখ পিতৃ-মাতৃৰ বাবে আন একোৰে সমান হ’ব নোৱাৰে ৷
ভাইৰেল হোৱা দৃশ্যাংশত শ্যাম সুন্দৰে তেওঁতকৈ উচ্চ পদবীত থকা তেওঁৰ কন্যাক ছেল্যুট দিবলৈ পায় গৌৰৱ অনুভৱ কৰা দেখা গৈছে ৷
সন্তানক সমাজত এগৰাকী সফল মানুহ হিচাপে গঢ় দিব পৰাটো হ’ল পিতৃ-মাতৃৰ লক্ষ্য ৷
এইক্ষেত্ৰত নিজৰ কন্যা সন্তানক মানুহ কৰিবলৈ শ্যাম সুন্দৰে যিমান কষ্ট কৰিছিল সেইয়া হয়তো আজি সফল হৈছে।