হেডলাইন৮ বিশেষঃ পৰাগ দাসৰ হত্যাকাণ্ডই আজি প্ৰায় পঁচিশটা বৰ্ষ গৰকিলে৷ চান্দমাৰীৰ ৰাজগড়ৰ ৰাজপথত তেওঁৰ আবক্ষ মুৰ্তিৰ কাষত এতিয়াও ন্যায় বিচাৰৰ আশাৰে বাট চাই ৰোৱা পৰিয়ালৰ চকুপানী মচিবলৈ চৰকাৰৰ কোনো সদিচ্ছা নাই৷ ৰাজ্যখনলৈ বিভিন্ন চৰকাৰ আহিল আৰু গ’ল, বিভিন্ন স্থানত অনশন, ধৰ্ণা কাৰ্যসূচীও অনুষ্ঠিত হ’ল৷ তথাপিও সমাপ্ত নহ’ল পৰাগ দাসৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া৷ উপযুক্ত প্ৰমাণৰ অভাৱত মুকলি আকাশৰ তলত ঘূৰি ফুৰা পৰাগ দাসৰ হত্যাকাৰীয়ে হয়তোবা ৰাজগড়ৰ মুৰ্তিটোলৈ চাই মাৰে তাচ্ছিল্যৰ হাঁহি৷
আৰু এনে বহুকেইজন নিৰপৰাধী সাংবাদিক ৰাজনৈতিক জিঘাংসাৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ অনিল মজুমদাৰ, কমলা শইকীয়া, অনাদি পাঠক, মোজাহিদুল হককে ধৰি বহুকেইজন সাংবাদিকৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আজি সোঁৱৰণিৰ সোঁতত জাহ যোৱাৰ উপক্ৰম হৈছে৷
তাৎপৰ্যপূৰ্ণভাৱে হাই প্ৰফাইল সাংবাদিক অৰ্ণৱ গোস্বামীয়ে বিহাৰৰ নিৰ্বাচন ফলাফল ঘোষণাৰ ঠিক পিছতেই জামিন লাভ কৰা প্ৰক্ৰিয়াইও কিন্তু ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে৷ এফালে যদি সাংবাদিক হত্যাকাৰীকেইজনে মুকলি আকাশৰ তলত বিনাদ্বিধাই ঘূৰি ফুৰিব পাৰিছে, আনফালে কিন্তু কেৱল ৰাজনৈতিক পৰাক্ৰমৰ ফলতেই অৰ্ণৱ গোস্বামীয়ে মুকলি আকাশৰ তললৈ ওলাই আহিব পৰা ঘটনাটোৰ জৰিয়তে সাংবাদিক হত্যা অথবা নিৰ্যাতনৰ ঘটনাত পক্ষপাতিত্বৰ অভিযোগ উত্থাপিত হৈছে৷
শেহতীয়াকৈ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোৱেও অসমত পূৰ্বে হোৱা সাংবাদিকসকলৰ হত্যাৰ ফাইলৰ মেৰ-পেচৰ গাঁঠি যেন পুনৰ খুলি দিছে৷ দেখাত সাধাৰণ দুৰ্ঘটনা যেন লাগিলেও সতীৰ্থ সাংবাদিকসকলৰ মতে এয়া এক ৰাজনৈতিক হত্যাৰ ঘটনাহে বুলি মহলত প্ৰচাৰিত হৈছে৷ পৰাগ দাসৰ হত্যাকাণ্ডৰ ঠিক পিছতেই ন্যায় বিচাৰি আৰম্ভ কৰা ধৰ্ণা, অনশন, বিক্ষোভ আকৌ আৰম্ভ হৈছে পৰাগ ভূঞাৰ ন্যায়ৰ বাবে৷ কিন্তু কিমান দিন? কিমান দিন চলিব এই অনশন, বিক্ষোভ, ধৰ্ণা৷ অন্যান্য সাংবাদিক হত্যাৰ ন্যায় বিচাৰৰ দৰে পৰাগ ভূঞাৰ হত্যাকাণ্ডৰ প্ৰক্ৰিয়াও পুনৰ সোঁৱৰণীৰ সোঁতত জাহ যাব নেকি? এই প্ৰশ্ন কৰিছে তেওঁলোকৰ পৰিয়ালৰ লোকে, সমাজে, আগন্তুক সময়ে৷