নিউজ ডেস্কঃ একোচা ঘন উজ্জ্বল চুলিৰ গৰাকী হ’ব কোনেনো নিবিচাৰে ৷ কিন্তু ঘৰতে কম খৰচতে ই কেনেকৈ সম্ভৱ ?কেতিয়াবা আমি বজাৰৰ পৰা কিনি অনা দৈখিনি পনীয়া আৰু টেঙা হ’লে পেলাই দিও নহয়নে? অপব্যয় নকৰি ইয়াৰ পুনৰ ব্যৱহাৰ কৰো আহক ৷
- আপুনি ঘৰত খাবলৈ অনা দৈখিনি খোৱাৰ পাছত ৰৈ যোৱা পনীয়া দৈখিনি চেকনি এখনেৰে চেকি ল’ব৷
- এখন ফণীৰে চুলিখিনি ভালদৰে ফণীয়াই ল’ব ৷
- দৈৰ পানীখিনিত কপাহ এটুকুৰা তিয়াই লৈ চুলিখিনিত অলপ অলপকৈ লৈ চালত লগাকে দৈৰ পানীখিনি লগাব ৷
- এনেদৰে গোটেই মুৰটোত লগোৱা হোৱাৰ পিছত আঙুলিৰে লাহে লাহে গোটেই মুৰটো মালিচ কৰিব৷ এনেদৰে মালিচ কৰিলে গোটেই চুলিখিনিত দৈখিনি লাগি যোৱাৰ লগতে তেজ চলাচলত সহায় হ’ব৷
- প্ৰায় ৩০-৪৫ মিনিট ৰখাৰ পিছত চুলিখিনি ভালদৰে চেম্পু কৰি ধুই দিব৷
- চুলিখিনি শুকোৱাৰ পাছত আঙুলি বুলাই চালে নিজেই অনুভৱ কৰিব পাৰিব আপোনাৰ চুলিখিনি চুই কিমান কোমল লাগিছে ৷
- টেঙা দৈ পানীৰে উফি যোৱাৰ লগতে চুলিখিনিত কণ্ডিচনাৰৰ কাম কৰিব ৷ চুলিখিনি কোমল হৈ পৰাৰ লগতে আপুনি একোচা সুন্দৰ চিকচিকীয়া চুলিৰ অধিকাৰী হৈ পৰিব৷