হেডলাইন৮ বিশেষঃতেওঁক বহুবাৰ সুধিছো তেওঁৰ গান আৰু চিনেমাৰ কথা , কিন্তু এইবাৰ আমাক জনালে তেওঁৰ হৃদয়ৰ কোনোবাটো কোণত থকা জীয়া কাহিনীসমূহ-
প্ৰশ্ন : আপোনাৰ পিতৃ এগৰাকী কবি আৰু এগৰাকী মেজিট্ৰেট আছিল, কেনেধৰণৰ শৈশৱ পাৰ কৰিলে আৰু পিতৃৰ কেনেধৰণৰ সান্নিধ্য লাভ কৰিলে ?
জুবিন:- মোৰ দেউতা মেজিট্ৰেট আছিল । দেউতাৰ সৈতে মই সকলো কথা পাতিব পাৰিছিলো । বন্ধুৰ দৰে সম্পৰ্ক আছিল । দিনত খুব কম লগ পোৱা হয় তেওঁক , ৰাতি বেছি লগ পোৱা হয়, কৰ্মৰ সময়বোৰ পৃথক হোৱা বাবে । দেউতাই মোক কোনো কথাৰ বাবে জোৰ কৰা নাছিল । সংগীত খুব ভাল পাইছিল ,মোক ভাল গান শুনাইছিল সৰুৰে পৰা। মই যেতিয়া নিচেই সৰু তেতিয়া তেওঁ এটা ৰেকৰ্ড প্লেয়াৰ লৈ আনে ঘৰলৈ আৰু বহুত ৰেকৰ্ড আছিল আমাৰ ঘৰত ।
এল্ ভিচ্ প্ৰেছলিৰ পৰা আৰম্ভ কৰি পণ্ডিত যশৰাজলৈ, ভাৰতীয়, পাশ্চাত্য সংগীত , সকলো ভাল ভাল সংগীত শুনাইছিল । ব্লুজ , ৰক্ ইত্যাদি।
সেইবোৰেই মোক যথেষ্ট অনুপ্ৰাণিত কৰিলে ,ভালকৈ সংগীতৰ মাজলৈ যোৱাৰ বাবে।
বহুত সৰুতে তবলাত নাম লগাই দিয়ে। গান অৱশ্যে মায়ে প্ৰথমতে শিকাবলৈ আৰম্ভ কৰিছিল । আমাৰ ঘৰত ৮০ বছৰীয়া পুৰণি এখন হাৰমনিয়াম আছে। আইতাৰ যুগৰে, সেয়ে ভালদৰে থৈ দিছো সেইখন । পণ্ডিত ৰবিন্দ্ৰ নাথ জী মোৰ তবলাৰ গুৰু, প্ৰথম শ্ৰেণীত থাকোতে মই তবলা শিকিবলৈ গৈছিলো । ষষ্ঠ শ্ৰেণীতেই মই তবলা বিশাৰদ পাছ কৰিছো।
প্ৰশ্ন : নব্বৈ দশকৰ সময়ত যেতিয়া আপোনাৰ অনামিকা , মায়া খুব চুপাৰহিট হৈছিল সেই সময়ত আপুনি বোম্বেইত খুব সুন্দৰকৈ থিতাপি লোৱাৰ সময়ত আপোনাৰ হোষ্টেলৰ কাহিনীবোৰ মনত পৰেনে ? বিশেষকৈ ঠেক কোঠালিটোলৈ গৈ থাকোঁতে চিৰিৰে যাওঁতে কিবা এটা হৈছিল । আপোনাৰ পৰা জানিব পাৰিলে ভাল লাগিব..
জুবিন : হোষ্টেন নহয় সেইটো আচলতে জুলি আণ্টিৰ P.G আছিল । সেইসময়ত অসমৰ বাহীবাদক দীপক শৰ্মা, দুদুল শইকীয়া সংগীত পৰিচালক, ৰিতু বাদ্যশিল্পী, জংকী ভাল তবলা বজাই প্ৰায় ৮ জন মান অসমীয়া মানুহ আছিলো। ৰাতি ১০.৩০ মানত লাইটবোৰ নুমাই দিয়া হয় আৰু নিজৰ নিজৰ লাইট বোৰ জ্বলাই আমাৰ সংগীতৰ কাম বোৰ কৰি যাওঁ। আন্ধাৰত নেদেখি ওখ চিৰিৰে উঠোতে প্ৰায়ে পৰিছিলো। ঘৰটোৰ চিৰিবোৰ অ-বিজ্ঞানসন্মতভাৱে বনোৱা বাবে মই যদি ভৰিখন কেতিয়াবা অলপ দীঘলকৈ দি খোজকাঢ়ো মই পিছলি পৰি যাওঁ । সাগৰৰ পাৰতে আছিল পি.জিটো, ৰাতি প্ৰায়েই যাওঁ সাগৰৰ পাৰলৈ, তেতিয়া পুলিচে ধৰিছিল আৰু সদায়ে লগ পাওতে পাওতে পিছলৈ নধৰা হ’ল অৱশ্যে । সেইবোৰ বৰ ধুনীয়া সময় আছিল।আমাৰ পি.জিটোৰ কাষৰ ঘৰটোৱেই আছিল বলিউডৰ সংগীত পৰিচালক অনু মালিকৰ ।তেওঁৰ এই পুৰণি ঘৰটো পিছলৈ বলিউডৰ চলচ্চিত্ৰৰ নৃত্য প্ৰেক্টিচ কৰাৰ বাবে ভাড়ালৈ দিয়া হয় আৰু তাত অনু মালিকৰ পিতৃ চৰদাৰ মালিকো আহিছিল। সেই সময়ত তাত ঋষি কাপুৰ, শ্বাহৰুখ খানকে ধৰি বহু তাৰকাই নৃত্য অভ্যাস কৰিবলৈ প্ৰায়ে অহা দেখিছিলো। তেওঁ মোক খুউব মৰম কৰিছিল। মোৰ নিজৰ অসমীয়া গানবোৰ তেওঁ শুনি বৰ ভাল পাইছিল।মই কিশোৰ কুমাৰৰ গান ভাল পাওঁ বাবেই মোক কিশোৰ কুমাৰৰ গান গাবলৈ খুব কৈছিল । চৰদাৰ মালিক যথেষ্ট ভাল মানুহ আছিল।
প্ৰশ্ন: বোম্বেত গৰিমা বৌক লগ কৰিব যাওঁতে আপুনি ভুলতে এবাৰ লেডিজ কম্পাৰ্টমেণ্টত সুমাই গৈছিল আৰু তেতিয়া পুলিচৰ সৈতে আপোনাৰ সোধ-পোছ হৈছিল বুলি শুনিছো, কি আছিল নো ঘটনাটো?
জুবিন: বোম্বেত আচলতে গৰিমা আছিল মেইন চিটিত আৰু মই জুহু বিচ্চ, ৩৫ কি.মি.যাব লাগে তাইক লগ কৰিবলৈ।বোম্বেৰ ট্ৰেইন অৰ্থাৎ এক সন্ত্ৰাস। বোম্বেৰ ট্ৰেইনত অহা যোৱা কৰিব লাগিলে যুদ্ধ কৰিব জানিব লাগিব।এদিন মই গৰিমাক লগ কৰিব গৈ থাকোঁতে ভুলতে লেডিচ কম্পাৰ্টমেন্টত উঠি দিছিলো আৰু মই পিচত ক’লো ভুলতে উঠিলোঁ, সংগীতৰ কাম কৰোঁ, তাৰ পিছত গুছি আহিলো আৰু, বোম্বেৰ পুলিচ খুব ভদ্ৰ, বিশেষ একো অসুবিধা হোৱা নাছিল ।
প্ৰশ্ন: বৰ্তমান যিটো পৰিস্থিতিত আমি সকলোৱে আছো বহুতৰে বহু অসুবিধা হৈছে,ব্যৱসায়ী সকলকে ধৰি সকলো মানুহ কিছু পৰিমাণে হতাশাত পৰিছে, আপোনাৰ কথা সকলোৱে শুনে, আপুনি কিবা জনাব খুজিব নেকি ?
জুবিন: বহু মানুহৰ চাকৰি গৈছে। এইখিনি সময়ত আমাৰ ধৈৰ্যৰ প্ৰয়োজন, ক’ভিড-১৯ৰ এই সময়খিনি দীঘলীয়া হ’ব । আমাৰ যুৱ সমাজলৈ অনুৰোধ তেওঁলোকৰ যদি মাটি-বাৰি আছে খেতি-বাতিৰ প্ৰতি মনোনিবেশ কৰিব পাৰিলে ভাল অথবা ফিচাৰী ইত্যাদিৰ ব্যৱসায় কৰিব পাৰে । এইবোৰ ব্যৱসায় কেতিয়াও মাৰ নাখায় ।
প্ৰশ্ন: কলিকতাৰ এটি সন্ধিয়াৰ কথা,এদিন আপুনি খোজকাঢ়ি থাকোতে এগৰাকী সৰু ছোৱালীক লগ পাইছিল আৰু সিদিনা তাইৰ জন্মদিন আছিল আৰু আপুনি তাইৰ হাতত ১০ হাজাৰ টকা গুছি দিছিল। এই কথাবোৰ মনত আছেনে?
জুবিন: তাইক সিদিনা লগ পাইছিলোঁ,তাইৰ একো উপায় নাছিল আৰু প্ৰষ্টিটিউচনত সুমাই পৰিছিল, তাইৰ কাহিনী শুনিলো বহি বহি বহু সময় সিদিনা। তাই হিমাচলৰ। খুৰাকে তাইক কাম দিম বুলি কৈ লৈ আনিছিল আৰু তাইৰ ধৰ্ষণ হয় আৰু তাইক প্ৰায় বিক্ৰী কৰি দিয়াৰ নিচিনা। তাইৰ কথাবোৰ আজিও মোৰ সাধুকথাৰ দৰে লাগে। তাইক মই পকেটৰ পৰা যি আছিল তাকে উলিয়াই দিলোঁ আৰু ঘৰ গৈ জিৰণি ল’বলৈ ক’লো ।তাই মোক সেৱা কৰি ” মহান আদমী হো” বুলি ক’লে। মই ক’লো যে মই কোনো মহান নহয়, আৰ্টিষ্ট হয় মাথো। কেতিয়াও নাপাহৰো মই সেই কাহিনী।
অসমতো এগৰাকী গাৰো ছোৱালী ৰেচকিউ কৰিছিলোঁ, এডপ্ত কৰাৰ দৰেই। তাই মোক পাপা বুলি মাতে। প্ৰথমতে চেভেন চিষ্টাৰ বুলি প্ৰতিষ্ঠানটোত ৰাখিছিলো তাইক। তাইৰ নাম কাজলি। তাইক পঢ়ালো আৰু হায়াৰ ছেকেন্দাৰী পৰীক্ষা দিব এইবাৰ। তাইৰো একে অৱস্থা আছিল৷ কাম কৰিবলৈ আনি চান্দমাৰিত ৰাতি ২বজাত পাইছিলোঁ। উত্তৰ প্ৰদেশৰ মানুহ এজনৰ ঘৰত তাই আছিল আৰু তেওঁৰ দ্বাৰা কেবাবাৰো ধৰ্ষণ হৈছিল তাইৰ। সিদিনা মালিকজনে তাইক বিচাৰি আহোতে মই তাক দুই চৰ দি লক আপত ভৰাই থলো। আইনীভাৱে আমি ন্যায় পালোঁ৷ বৰ্তমান তাইৰ ভাল, ভালদৰে পঢ়ি আছে।
প্ৰশ্ন: যোৱা বিশ্বকাপ ফুটবলত আপুনি ৰাছিয়াৰ পৰা লাইভ কৰিছিল আৰু অসমত এখন ফুটবল একাডেমি হোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰকাশ কৰিছিল। এই ক্ষেত্ৰত কিবা জনাব বিচাৰিব নেকি?
জুবিন: জি.এফ.চি বুলি পৰিকল্পনা এটা চলিছিল ,প্ৰাগ চেনেলৰ চিকুকে ধৰি বহু পুৰণা লোক জড়িত হৈছিল অসমত ফুটবল একাডেমি এখন হোৱা কথাটো অলপ ডাঙৰ পৰিকল্পনা। ইয়াত চৰকাৰৰ সহযোগ লাগিব। প্ৰথমতে ল’ৰা ছোৱালীখিনি থকাৰ ব্যৱস্থা আৰু খেলৰ বাবে এখন ফিল্ডৰ সুবিধা কৰি দিব লাগিব। মই বহুত ভাল পাও ফুটবল ,সেইবাবে ৰাছিয়া গুছি গৈছিলো ফুটবল চাবলৈ। মেচি মোৰ ফেভেৰেইট খেলুৱৈ। দুবছৰ আগত নগাঁৱৰ এজন ল’ৰা, সি জাৰ্মানৰ ফুটবল ক্লাব এখনত নামভৰ্তি কৰিছে তাকো মই কিছু টকাৰে সহায় কৰি পঠিয়াই দিছোঁ। সি খুব ভাল খেলে।
প্ৰশ্ন: এন.কে .বিগ.ষ্টাৰ বুলি এটা এপ্ উলিয়াইছে যিটো আপুনি মুকলি কৰিছে।ইয়াৰ বিষয়ে কিবা ক’ব খুজিব নেকি?
জুবিন: এন.কে .বিগ.ষ্টাৰ এপৰ সহায়ত চিনেমা,চিৰিয়েল,ৱেব চিৰিজ হাতৰ মুঠিতে চাব পাৰিব। নতুন নতুন শিল্পীসকলেও কিছু সুবিধা পাব।
সাক্ষাৎকাৰৰ শেষত তেওঁ আমাক শুভেচ্ছা জনায়।
সাক্ষাৎকাৰ যুগুতালে সংগীতা তালুকদাৰে
সাক্ষাৎকাৰৰ ভিডিঅ’ৰ ইউটিউব লিংক- https://www.youtube.com/watch?v=Fi9XrWugBnQ