অসমকে ধৰি উত্তৰ পূবৰ ভিতৰতে সৰ্বাধিক দুৰ্গা পূজা উদযাপন হোৱা আৰক্ষী থানা হিচাপে পৰিগণিত হৈ অহা গুৱাহাটীৰ জালুকবাৰী থানা এলেকাত যাতে এইবেলিও সুকলমে শাৰদীয় দুৰ্গা পূজা আৰু পাণ্ডু ঘাঁটত দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া সুচাৰু ৰূপে সম্পন্ন হয় তাৰ বাবে আগতীয়াকৈ সাজু হৈছে জালুকবাৰী থানা, পাণ্ডুঘাট বিসৰ্জন সমিতি আৰু থানা এলেকাৰ প্ৰায় ৮৩ খন ৰাজহুৱা দুৰ্গা পূজা উদযাপন সমিতি। আনহাতে কভিড – ১৯ কেন্দ্ৰীক পৰিস্থিতি বহুখিনী উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত দুটা বছৰৰ বিৰতিৰ অন্তত এইবেলি দূৰ্গা পূজাত ব্যাপক জনসমাগম হোৱাৰো আকাংক্ষা কৰা হৈছে।
ফলত আগন্তক দুৰ্গা পূজা সুকলমে সম্পন্ন কৰাৰ বাবে জালুকবাৰী থানা আৰু পাণ্ডু ঘাট বিসৰ্জন সমিতিৰ যৌথ উদ্যোগত ৰবিবাৰে ঐতিহাসিক পাণ্ডুনাথ দেৱালয় চৌহদত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। থানা এলেকাৰ পূজা উদযাপন সমিতি সমূহ, নাগৰিক কমিটি, গাঁওৰক্ষী বাহিনীৰ প্ৰায় ২০০ জন কৰ্মকর্তা – প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে পাণ্ডুঘাট বিসৰ্জন সমিতিৰ সভাপতি নিমাই চন্দ্ৰ দাসে আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক দ্বিজেন লহকৰে। সভাত ভাগ লৈ জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক কুমাৰ বৰাই দুৰ্গা পূজা উদযাপন কৰা সন্দৰ্ভত চৰকাৰ – প্ৰশাসনৰ ফালৰ পৰা দিয়া নীতি – নিৰ্দেশনা সমূহৰ বিস্তৃত বাখ্যা দাঙি ধৰে আৰু সকলো পূজা উদযাপন সমিতিক নিয়ম সমূহ মানি চলিহে দুৰ্গা পূজা উদযাপন কৰিবলৈ আহ্বান জনায়।
সভাত মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ পাণ্ডু সংমণ্ডলৰ যান বাহন পৰিদৰ্শক জীৱন দাসে মালিগাঁৱত নিৰ্মাণৰত অৱস্থাত থকা উৰণীয়া সেঁতুখনৰ বাবে পূজাৰ কেইদিন আৰু পাণ্ডুঘাটত প্ৰতিমা বিসৰ্জনৰ দুদিনত যান বাহন নিয়ন্ত্ৰণৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হব তাৰ এক চমু আভাষ ডাঙি ধৰে। সভাত সৰ্বসন্মতি ক্ৰমে নিমাই চন্দ্ৰ দাসক সভাপতি, প্ৰাক্তন ডেপুটী মেয়ৰ কমল দে’ক কাৰ্যকৰী সভাপতি, দ্বিজেন লহকৰক সাধাৰণ সম্পাদক, নিৰোদ দাসক কোষাধ্যক্ষ, অজন্ত বৈশ্যক প্ৰচাৰ আৰু স্মৃতিগ্ৰন্থ সম্পাদক হিচাপে লৈ পাণ্ডুঘাট বিসৰ্জন সমিতিৰ ৫১ জনীয়া কাৰ্যনিৰ্বাহকখন গঠন কৰা হয়।