অসম কো-অপাৰেটিভ এপেক্স বেংকৰ অধ্যক্ষৰ পদৰ পৰা অব্যাহতি ল’লে মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ বেংকটোৰ বহিৰাগত সঞ্চালক শশাংক শেখৰ শাস্ত্রীয়ে অসমীয়া লোকক উদ্দেশ্যি চৰম তুচছ-তাচিছল্য কৰাত ক্ষুব্ধ বিষয়া-কর্মচাৰীসকলে ব্যৱস্থা লোৱাৰ বাবে অধ্যক্ষ হিমন্ত বিশ্ব শর্মাক দাবী জনাইছিল৷
অধ্যক্ষ তথা মন্ত্রী শর্মাই পৰিচালন সঞ্চালকজনক ক্ষমা খুজিবলৈ কৈছিল যদিও পৰিচালন সঞ্চালকজনে ক্ষমা নিবিচৰাত অধ্যক্ষ পদৰ পৰা মন্ত্রী শর্মাই আজি অব্যাহতি লৈছে৷ উল্লেখযোগ্য যে ৩০ মে’ত বেংকটোৰ কর্মচাৰীসকলৰ আগত সমগ্র অসমীয়া জাতিক উদ্দেশ্যি হাৰামজাদা, বদমাছ আদি মন্তব্য কৰি তুচছ-তাচিছল্য কৰিছিল৷
পৰিচালন সঞ্চালকজনৰ বিৰুদ্ধে ৪৮ ঘণ্টাৰ ভিতৰতব্যৱস্থা লোৱাৰ দাবী জনাইছিল তিনিটাকৈ সংগঠন ক্রমে এপেক্স বেংক এমপ্লইজ ইউনিয়ন, ষ্টাফ এছ’চিয়েশ্যন আৰু কর্মচাৰী সংঘই৷ তিনিটাকৈ সংগঠনে অসমীয়া জাতিৰ স্বাভিমানক আঘাত কৰি কৰা মন্তব্যৰ বাবে বহিৰাগত পৰিচালন সঞ্চালক শাস্ত্রীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে জনোৱা দাবীৰ পাছত বেংকটোৰ অধ্যক্ষ তথা মন্ত্রী শর্মাই বিষয়াজনক ক্ষমা খুজিবলৈ কৈছিল যদিও বিষয়াজনে ক্ষমা বিচৰা নাছিল৷