ৰত্না দত্ত অসমৰ শিক্ষা, সংস্কৃতি আৰু সাহিত্য জগতৰ পৰিচিত নাম। ডিব্ৰুগড়ত জন্ম, শিক্ষা আৰু কৰ্ম ক্ষেত্ৰ হিচাবে পোৱা এই গৰাকী ব্যক্তি কায়িক ভাবে ২০১৯ চনত সক্ৰিয় ভাবে কৰ্মৰত অৱস্থাত ৫৬ বছৰ বয়সত এই পৃথিৱীৰ পৰা নোহোৱা হৈ গৈছে যদিও তেওঁ জীৱন্ত হৈ আছে তেওঁৰ ৰচিত গ্ৰন্থ, আকাশবাণী ডিব্ৰুগড়ত থকা তেওঁৰ কণ্ঠ আৰু ডিব্ৰুগড়ৰ সামাজিক, সাংস্কৃতিক জগতত তেওঁ কৰা বিভিন্ন কৰ্মৰ যোগেদি। তেওঁ আছিল একেধাৰে ঔপন্যাসিক, সাহিত্য সমালোচক,অধ্যাপক, প্ৰবন্ধকাৰ,নাট্যকাৰ,নাট্যশিল্পী গীতিকাৰ, কবি, আলোচক ,বক্তা, আবৃত্তিকাৰ আৰু অনুষ্ঠানৰ আঁত ধৰোতা। আনহাতে তেওঁৰ সৃষ্টিৰাজিক সজীৱ কৰি ৰাখিবলৈ সামাজিক সাংস্কৃতিক অনুষ্ঠান”অভীক ” আৰু সামাজিক, সাংস্কৃতিক আৰু নাট্যানুষ্ঠন”পথাৰ”ৰ উদ্যোগত ১৪ আৰু ১৫ অক্টোবৰত ডিব্ৰুগড়ৰ আৰ কে বি আইন মহাবিদ্যাল়য়ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ সোঁৱৰণি অনুষ্ঠান অনুষ্ঠিত হয়।
“পথাৰ”ৰ “শিল্প শালা ত ১৪ আৰু ১৫ অক্টোবৰত এখন ৰত্না দত্ত সোঁৱৰণী অন্তৰংগ একক নাট সমাৰোহ অনুষ্ঠিত হৈ যায়। নাট সমাৰোহত “পথাৰ”ৰ প্ৰযোজনাত পৱিত্ৰ চেতিয়াৰ পৰিচালনাত ৰস্মিতা বৰকটকীয়ে অভিনয় কৰা ৰত্না দত্তৰ “ৰজবধু”নাটকৰ উপৰিও তৰালী বৰা আৰু অসীম শৰ্মাৰ অভিনয়ৰ দুখন একক নাটক পৰিবেশিত হয়। অনুষ্ঠানত সুদূৰ বিহাৰৰ পৰা অহা DEVINE SOCIAL DEVELOPMENT ORGANISATION ৰ হিন্দী ভাষাত দুখন একক নাটক পৰিবেশিত হয়। উদ্বোধনী অনুষ্ঠানত লোহিত ডেকা, জ্যোতি প্ৰকাশ ভট্টাচাৰ্য, বিপ্লৱ বিকাশ ভূঞা আৰু প্ৰাঞ্জল বুঢ়াগোহাঁই উপস্থিত থাকে আৰু ৰত্না দত্তৰ কৃতী আৰু নাটকৰ ভূমিকা ৰাইজৰ সন্মুখত ডাঙি ধৰে। ১৫ অক্টোবৰত অনুষ্ঠিত সোঁৱৰণি সভাত ৰত্না দত্তৰ লোক কথাৰ ভিত্তিত ৰচিত “দ্বিতীয়া” উপন্যাসৰ বিষয়ে অসম ভিত্তিত অনুষ্ঠিত প্রাইজমানি প্ৰবন্ধ প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰা হয় । ইয়াৰ উপৰিও ৰত্না দত্তই ৰচনা কৰা দীপক গগৈয়ে সুৰ কৰা গীত পৰিবেশন, ৰত্না দত্তৰ কবিতাৰ আধাৰত ৰুবি সন্দিকৈ গগৈৰ পৰিচালনাত নৃত্যাভিনয়, ভূৱন গগৈৰ পৰিচালনাত ৰত্না দত্তই ৰচনা কৰা গীতৰ সমবেত সংগীত,ৰত্না দত্তৰ বিষয়ে সহকৰ্মী, বন্ধু, প্ৰাক্তন ছাত্ৰী আৰু সাহিত্য সমালোচকৰ চমু ভাষণ প্ৰদান অনুষ্ঠিত হয়। ৰত্না দত্তৰ কৰ্মৰাজীক জীৱিত কৰি ৰাখিবলৈ কৰি থকা কাম কাজ আৰু ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে অৱগত কৰে তেওঁৰ একমাত্ৰ ভগ্নী লিখক, নাট্যকাৰ শিল্পী, ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া আৰু অসমৰ ৰাজ্যপালৰ আয়ুক্ত – সচিব স্বপ্না দত্ত ডেকাই। গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত দুয়োদিনৰ অনুষ্ঠানত ডিব্ৰুগড়ৰ বহু সংস্কৃতিবান দৰ্শক উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানটোৰ আঁত ধৰে “অভীক”ৰ মৈত্ৰেয়ী বৰুৱা ভৌমিকে।