গুৱাহাটী, ২২ জুলাই: ৰাজ্যৰ লক্ষ লক্ষ নিবনুৱাৰ বাবে সুখবৰ। অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰতে নিযুক্তি দিয়া হ’ব ৰাজ্যৰ ১ লাখ ৪৩ জন লোকক। উল্লেখ্য যে ইতিমধ্যেই দিছপুৰত ১,০০,০৪৩ টা খালী পদত নিযুক্তি দিয়াৰ যো-জা আৰম্ভ হৈছে। অৱশ্যে, এই মুঠ পদ সংখ্যাৰ ভিতৰত অন্তৰ্ভূক্ত আছে বৰ্তমান খালী হৈ থকা পদৰ উপৰি নতুনকৈ সৃষ্টি কৰিবলগীয়া পদো।
ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট ভাষণত উল্লেখ কৰা অনুসৰিয়েই মুঠ ৪৯ টা চৰকাৰী বিভাগত দিয়া হব এই ১ লাখ ৪৩ টা পদত নিযুক্তি ।
ইয়াৰ ভিতৰত আছে সৰ্বাধিক খালী পদ আছে শিক্ষা বিভাগত। শিক্ষা বিভাগত ৫০,৪৬৫ টা খালী পদ আছে যদিও ইয়াৰে ২৮,১৬২ টা নতুন পদ সৃষ্টি কৰা হ’ব বুলি জানিব পৰা গৈছে। আনহাতে দ্বিতীয় সৰ্বাধিক কালী পদ আছে গৃহ আৰু ৰাজনৈতিক বিভাগত। এই বিভাগটোত ২০,২৪৮ টা খালী পদ আৰু ১৮,০৯৬ টা নতুন পদ সৃষ্টিৰ বাবে বাজেটত পুঁজি ধাৰ্য কৰা হৈছে।
বাজেটত প্ৰকাশ কৰা তথ্য অনুসৰি, ভূমি সংৰক্ষণ বিভাগত ৬৬৬ টা খালী পদ আৰু ৫২৬ টা নতুন পদ, লোক নিৰ্মাণ বিভাগত ১,৩০৮ টা খালী পদ আৰু ১,০২৭ টা নতুন পদ, সাধাৰণ প্ৰশাসন বিভাগত ৮৩০ টা খালী পদ আৰু ৮৩০ টা নতুন পদ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২,১৩৭ টা খালী পদ আৰু ২,১৩৮ টা নতুন পদ, পশুপালন বিভাগত ২,১৫২ টা খালী পদ আৰু ৭,১১৮ টা নতুন পদ, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত ৭১২ টা খালী পদ আৰু ৬৭৬ টা নতুন পদ ৷
জলসিঞ্চন বিভাগত ২,২৫৩ টা খালী পদ আৰু ৯৪০ টা নতুন পদ, সচিবালয় প্ৰশাসন বিভাগত ৭১৯ টা খালী পদ আৰু ৬০৬ টা নতুন পদ, পৰিবহন বিভাগত ১,০০১ টা খালী পদ আৰু ১,০০১ টা নতুন পদ, বন আৰু পৰিবেশ বিভাগত ২,৯১৮ টা খালী পদ আৰু ১,৩৭৯ টা নতুন পদ ৷
কৃষি বিভাগত ৪৫৯ টা খালী পদ আৰু ৬৮৭ টা নতুন পদ, পৰ্যটন বিভাগত ৯৬২ টা খালী পদ আৰু ১৪৪ টা নতুন পদ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৯,৩৫৩ টা খালী পদ আৰু ৯,৩৫৩ টা নতুন পদ, জনস্বাস্থ্য কাৰিকৰী বিভাগত ১,০০৫ টা খালী পদ আৰু ৫২৬ টা নতুন পদ, সাংস্কৃতিক পৰিক্ৰমা বিভাগত ৫৬১ টা খালী পদ আৰু ৫৬১ টা নতুন পদ ৷
ৰাজহ বিভাগত ১,১৩৯ টা খালী পদ আৰু ৯৬৫ টা নতুন পদ, খনি আৰু খনিজাত সামগ্ৰী বিভাগত ৯৮৮ টা খালী পদ আৰু ৩৯১ টা নতুন পদ, দক্ষতা বিকাশ বিভাগত ৮৭৬ টা খালী পদ আৰু ৫৩৯ টা নতুন পদ, শক্তি বিভাগত ৪৮ টা খালী পদ আৰু ৫,৭৬৯ টা নতুন পদ,
লোক নিৰ্মাণ(পথ) বিভাগত ১,৩০৮ টা খালী পদ আৰু ১,৯৬৩ টা নতুন পদ। উল্লেখ্য যে এই নিযুক্তি প্ৰক্ৰিয়াৰ মাজতে অসম আৰক্ষীৰ ১০ টা নতুন বেটেলিয়ন গঠন কৰি ১০ হাজাৰ নতুন পদত নিযুক্তি দিয়া হ’ব বুলি জানিব পৰা গৈছে।