জি এম চি এইচত কালিৰ দিনটোত মৃত্যু হয় ১২ গৰাকী ক’ভিড আক্ৰান্তৰ।যোৱা নিশাই হাস্পতালখন আকস্মিকভাৱে পৰিদৰ্শন কৰি চিন্তিত স্বাস্থ্যমন্ত্ৰীয়ে চিকিৎসকৰ উপস্থিতিৰ দিশটো তদাৰক কৰে।
ইফালে আজি জিএমচিএইচৰ অধীক্ষক ডাঃঅভিজিৎ শৰ্মাই এদিনতে ১২ জনকৈ লোকৰ মৃত্যুৰ কাৰণ সম্পৰ্কে বাখ্যা আগবঢ়ায়।
অধীক্ষকগৰাকীয়ে কয় যে,’মৃত লোককেইজন সংকটজনক ৰোগী আছিল।তেওঁলোকৰ ৯জন আইচিইউত আছিল আৰু বাকী ৩জন আছিল ৱাৰ্ডত।তেওঁলোক হাস্পতালত ভৰ্তি হোৱাৰ ২৪ঘন্টাৰ ভিতৰতে ঢুকাইছে’।