গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিশা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ছাডেন ভিজিট৷জিএমচিএইচত নিশা নাথাকে এজনো জ্যেষ্ঠ চিকিৎসক৷জ্যেষ্ঠ চিকিৎসকক নাপাই ক্ষুব্ধ হৈ পৰে মন্ত্ৰী কেশৱ মহন্ত৷
কিছু দিন পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই জিএমচিত নিশা জেষ্ঠ্য চিকিৎসক থকাটো বাঞ্চনীয় বুলি ঘোষণা কৰিছিল৷কিন্তু এই নিৰ্দেশনাৰ পাছতো নিশা নাছিল এজনো জ্যেষ্ঠ চিকিৎসক৷
উল্লেখযােগ্য যে,সোমবাৰে জিএমচিএইচত ১২জন ক’ভিড আক্ৰান্তৰ মৃত্যু হয়৷এই ঘটনাৰ পাছতে চিকিৎসালয়খনত স্বাস্থ্যমন্ত্ৰীয়ে কৰে ছাডেন ভিজিট৷প্ৰতিটো মহলা তন্নতন্নকৈ পৰিদৰ্শন কৰে কেশৱ মহন্তই৷চিকিৎসকৰ ডিউটী লিষ্টো পৰীক্ষা কৰে স্বাস্থ্যমন্ত্ৰীয়ে৷