১২ খন ৰাজ্য আৰু ৯ খন কেন্দ্ৰীয় শাসিত অঞ্চলে দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ পেৰেডত অংশগ্ৰহণ কৰিলে। মেঘালয়, গুজৰাট, হাৰিয়ানা, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, কৰ্ণাটকা, জন্মু কাশ্মীৰ, চত্তিশগড়, উত্তৰ প্ৰদেশ, পঞ্জাৱ, মহাৰাষ্ট্ৰ আৰু গোৱাই গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিলে। আনহাতে এই পেৰেডত অসম, পশ্চিমবংগকে ধৰি বহুকেইখন ৰাজ্যই অংশগ্ৰহণৰ সুযোগ লাভ নকৰিলে।
মেঘালয়ে পেৰেডত ৫০ বছৰৰ ৰাজ্যৰ মৰ্যাদা আৰু মহিলাৰ প্ৰতি ইয়াৰ শ্ৰদ্ধাঞ্জলি প্ৰদৰ্শন কৰাৰ লগতে বাঁহ আৰু কেন হস্তশিল্প প্ৰদৰ্শন কৰে। গুজৰাটে ৰাজ্যখনত জনজাতীয় বিপ্লৱ, হাৰিয়ানাই ক্ৰীড়া ক্ষেত্ৰত ১ নং স্থান, উত্তৰাখণ্ডে ‘প্ৰগতিৰ দিশে আগবাঢ়িছে উত্তৰাখণ্ড’,অৰুণাচল প্ৰদেশে ‘এংলো আবৰ এডাইভাৰ্চিষ্ট’,কৰ্ণাটকে পৰম্পৰাগত হস্তশিল্প, জন্মু আৰু কাশ্মীৰে উন্নয়নৰ অগ্ৰগতি, উত্তৰ প্ৰদেশে এখন জিলাত এটা প্ৰডাক্ট আঁচনিৰ জৰিয়তে দক্ষতা বিকাশ আৰু নিযুক্তি, চত্তিশগড়ে গোধন ‘গোধান ন্যায় যোজনা’,পঞ্জাৱে স্বাধীনতা আন্দোলনত ৰাজ্যখনে আগবঢ়োৱা অৱদান, মহাৰাষ্ট্ৰই জৈৱ বৈচিত্ৰ আৰু জৈৱ প্ৰতীক আৰু গোৱাই ডাইভাৰ্ছ হিষ্টোৰিকেল এণ্ড নেচাৰেল লেণ্ডমাৰ্ক প্ৰদৰ্শন কৰে।