আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ আবকাৰী বিভাগে বিগত দুটা দিনত জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই ১২৩৫ লিটাৰ চুলাই মদ জব্দ কৰে। মহানগৰীৰ ভূতনাথ, আঠগাঁও, উজানবজাৰ, ১নং কাৰ্বি পথ, নুনমাটি আদি বিভিন্ন ঠাইৰ পৰা জব্দ কৰা এই চুলাই মদখিনি নষ্ট কৰি পেলোৱা হয়। এই সন্দৰ্ভত অসম আবকাৰী আইন ৫৩(১)(ক) ৰ অধীনত দুজন ব্যক্তিক আটক কৰা হৈছে।
লগতে ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অভিযোগত অসম আবকাৰী আইন ৬১(খ) ৰ অধীনত দুজন ব্যক্তিক জৰিমনা বিহা হয়। তেনেদৰে আবকাৰী বিভাগে সোনাপুৰ অঞ্চলত অভিযান চলাই এখন বাহনত ২২.৫ লিটাৰ বিলাতী সুৰা জব্দ কৰে। উক্ত সুৰাখিনি বিক্ৰীৰ বাবে মেঘালয়লৈ নিয়াৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে।