দেশত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ।
দেশত ক্ৰমান্বয়ে অক্সিজেন নাটনিয়ে দেখা দিছে।
অক্সিজেনৰ নাটনিৰ ফলত বহু ক’ৰোনা আক্ৰান্ত ৰোগী মৃত্যুমুখত পৰিছে।
সেয়েহে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত ১৩ টা অক্সিজেন উৎপাদন প্ৰকল্প স্থাপন কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইয়াৰ জৰিয়তে উত্তৰ -পূৰ্বাঞ্চলত অক্সিজেনৰ উৎপাদন সহজলভ্য হ’ব লগতে ৰাজ্যবাসী উপকৃত হ’ব ।
এই ১৩টা প্ৰকল্পৰ তিনিটাকৈ প্ৰকল্প স্থাপন হ’ব মেঘালয়,মিজোৰাম আৰু নাগালেণ্ডত।
আনহাতে দুটাকৈ অক্সিজেন উৎপাদন প্ৰকল্প অৰুণাচল আৰু মণিপুৰত স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে।
অতি শীঘ্ৰে উত্তৰ-পূৰ্বাঞ্চলত এই ১৩টা প্ৰকল্প স্থাপন কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে আশ্বাস প্ৰদান কৰিছে।
Photo Credit : Google