অসম আৰু অসমীয়াৰ ত্ৰাণকর্তা হিচাপে পৰিচিত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৩২ সংখ্যক জন্মবাৰ্ষিকী ৬ জুনত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদত পালন কৰা হয়। দিনৰ ১২.৩০ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মহান পুণ্যত্মাগৰাকীৰ কনিষ্ঠ পুত্ৰ বলীন বৰদলৈ, বোৱাৰী লনী বৰদলৈ প্ৰমুখ্যে ভাগিন, নাতী-নাতিনীসহ পৰিয়ালৰ কেবাজনো সদস্য উপস্থিত থাকে। লগতে উপস্থিত থাকে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্ত, বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ কমাণ্ডেন্ট লালমোহন ঠাকুৰকে ধৰি কেবাজনো বিষয়া, বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
মহিমামান গোপীনাথ বৰদলৈ দেৱক সুঁৱৰি তেখেতৰপুত্ৰ বলীন বৰদলৈয়ে নিজ পিতৃৰ জীৱন দৰ্শনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত তেখেতৰ অবদানৰ কথা অবগত কৰে। তদুপৰি বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্ত দেৱ প্ৰমূখ্যে উদ্যোগিক নিৰাপত্তা বাহিনীৰ কমাণ্ডেন্ট লালমোহন ঠাকুৰ দেৱকে ধৰি বিভিন্ন জন বিষয় ববীয়াই নিজ নিজ অনুভৱ ব্যক্ত কৰে। ভাষৰণত মুখ্য বিমান কোঠ বিষয়া উৎপল বৰুৱাই বৰদলৈদেৱৰ গুনানুকীৰ্ত্তন কৰাৰ লগতে লোকপ্ৰিয় উপাধীৰে বিভূষিত স্বানামধন্য প্ৰৱল সংগ্ৰামী সত্তা গোপীনাথ বৰদলৈ দেৱৰ নামেৰে নামাকৰণ হোৱা বিমানকোঠটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ সকলো ফালৰ পৰা সক্ষম হবলৈ প্ৰতিশ্ৰতিবদ্ধ বুলিও মন্তব্য কৰে।