দেশত ক’ৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৱে সংহাৰী ৰূপৰ সৃষ্টি কৰিছে।
সেয়ে ১ মে’ৰ পৰা সমগ্ৰ দেশতে আৰম্ভ কৰা হ’ব তৃতীয় পৰ্য্যায়ৰ প্ৰতিষেধক প্ৰদান অভিযান।
ভাৰত চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি দেশত ১ মে’ৰ পৰা ১৮ বছৰৰ ঊৰ্ধৰ সকলো লোককে ক’ৰোনা প্ৰতিষেধক প্ৰদান কৰা হব।
লগতে এই প্ৰতিষেধকৰ বাবে নাম পঞ্জীয়ন কৰিব লাগিব বুলিও জনাইছিল কেন্দ্ৰীয় চৰকাৰে।
আৰু বুধবাৰে সন্ধিয়া ৪ বজাৰ পৰা এই পঞ্জীয়ন আৰম্ভ হয়।
কো উইন আৰু আৰোগ্য সেতু এপৰ জৰিয়তে দেশত আৰম্ভ কৰা হৈছে ক’ৰোনা প্ৰতিষেধকৰ পঞ্জীয়ন।
বুধবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হোৱা এই পঞ্জীয়নত দেশৰ ১.৩৩ কোটি লোকে প্ৰতিষেধক গ্ৰহণৰ বাবে নাম অন্তৰ্ভুক্ত কৰিছে বুলি জানিব পৰা গৈছে।
Photo Credit : Google