ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ (প্ৰৱৰ্তক) কার্যালয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ নিৰ্দেশত পথ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ভংগকাৰী বাহনৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে। আনকি নৱবৰ্ষক আদৰাৰ নামত যাতে ৰাজ্যৰ আন জিলাৰ লগতে কামৰূপ মহানগৰ জিলাতো এটাও সুৰাপানকেন্দ্ৰীক দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবেও মহানগৰ আৰক্ষীৰ সহযোগত ডিচেম্বৰ মাহত দিনে নিশাই অভিযান চলোৱা হৈছিল। যাৰ ফলত সৌভাগ্যক্ৰমে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত গুৱাহাটীত নববর্ষক আদৰাৰ নামত এটাও পথ দুৰ্ঘটনা সংঘটিত নহল। তেনেদৰে ১২ আৰু ১৩ জানুৱাৰীত নববর্ষৰ দৰে অভিযান চলোৱা হৈছিল, ফলত সেই দুদিনতো নববৰ্ষৰ দৰে তেনে দুৰ্ঘটনা সংঘটিত নহল। আনহাতে জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে ইয়াৰ পূৰ্বৰে পৰা কাৰ্যালয়ৰ প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে অভাৰলোড বা নিৰ্ধাৰিত বহন ক্ষমতাতকৈ অধিক ওজন সৰবৰাহ কৰা , যাত্ৰীবাহী বাহনত অধিক যাত্ৰী নিয়া বাহনৰ বিৰুদ্ধেও ধাৰাবাহিকভাবে অভিযান চলাই আহিছে। চলিত ২০২১ -২২ বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩১ ডিচেম্বৰলৈকে ৯ মাহত কার্যালয়ে চলোৱা অভিযানত যান বাহন আইন ভংগ কৰা ১৬,৩৮৬ টা ঘটনা ধৰা পেলাই ইয়াৰ বিপৰীতে ১৪ কোটিতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰিছে। ই ৰাজ্যৰ ভিতৰতে এক অভিলেখ বুলি বিবেচিত হৈছে। ইয়াৰ ভিতৰত কেৱল অভাৰলোড ট্ৰাকৰ বিৰুদ্ধে ৩,৩০০ টা ঘটনা ধৰা পেলাই তাৰ বিপৰীতে ৮.৯১ কোটিতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হয়। আনকি সমগ্ৰ ৰাজ্যৰ ৩৪ খন জিলাৰ ভিতৰত প্ৰায় ৩০ শতাংশ অভাৰলোড ট্ৰাক কেৱল কামৰূপ মহানগৰ জিলাত ধৰা পেলোৱা হয়। আনহাতে বিগত ২০২০ -২১ বৰ্ষত অৰ্থাৎ ১২ মাহত জিলাখনত যান বাহন আইন ভংগৰ ঘটনা ধৰা পেলোৱা হৈছিল ৪,০৫৭ টা আৰু ইয়াৰ বিপৰীতে ৭.৪৭ কোটিতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছিল।