উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নে পূৰ্ৱৰ দৰে পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত এতিয়াও অটল হৈ আছে । ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে নতুন ৰাষ্ট্ৰীয় পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাৱীত ৰেলৱে শ্ৰমিক – কৰ্মচাৰীৰ মাজত সজাগতা সৃষ্টিৰ বাবে ২০ ছেপ্টেম্বৰত উজনি অসমৰ লিডুৰ পৰা কাটিহাৰলৈ উলিওৱা প্ৰায় ১,২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মটৰ চাইকেল ৰেলীৰ আজি বিয়লি বিহাৰৰ কাটিহাৰত সামৰণি পৰে। ৰ’দ , বৰষূণ , বতাহ , প্ৰতিকুল বতৰক নেওচিও ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ নেতৃত্বত উলিওৱা মটৰ চাইকেল ৰেলীটোত উত্তৰ পূব সীমান্ত ৰেলৱেৰ পাচঁটা সংমণ্ডলৰ ৫৫ টা শাখাৰ ৰেলৱেৰ কেবা হাজাৰ শ্ৰমিক – কৰ্মচাৰীয়ে ভাগে ভাগে নিজৰ নিজৰ ক্ষেত্ৰত ভাগ লৈছিল।
গুৱাহাটী, ৰঙিয়া, কোকৰাঝাৰ, কোচবিহাৰ, আলিপুৰ দুৱাৰ, নিউ জলপাইগুৰি হৈ কাটিহাৰলৈ যাত্ৰা কৰা ৰেলীটোত ভাগ লোৱা সকলোৱে ইউনিয়নৰ ৫৫ টা শাখাই কৰা ব্যৱস্থাপনা অনুসৰি নিশাৰ ভাগত ভিন ভিন ঠাইত কটাইছিল। আনহাতে ইউনিয়নৰ কাটিহাৰ সংমণ্ডল কাৰ্যালয়ত ৰেলীটো গৈ উপস্থিত হোৱাৰ পাছত তাত ৰেলীৰ নেতৃত্ব লোৱা ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্র শইকীয়াৰ উপৰিও ইউনিয়নৰ কাৰ্যকৰী সভাপতি দীনেশ পাছোৱান, সাংগঠনিক সম্পাদক ৰাজনীশ কুমাৰ, সাংস্কৃতিক পৰিক্ৰমা কোষৰ অধ্যক্ষ পৱন দত্তকে ধৰি ৰেলীত ভাগ লোৱা দলটোক কাটিহাৰত আদৰণি জনায় ইউনিয়নৰ কাটিহাৰ সংমণ্ডল কমিটীৰ সভাপতি মনীষ কুমাৰ, সম্পাদক ৰূপেশ কুমাৰকে ধৰি কমিটীৰ এটা বৃহৎ কৰ্মকৰ্তাৰ দলে।
ৰেলীৰ সামৰণি উপলক্ষে কাটিহাৰত আয়োজিত এক সমাবেশত ভাগ লৈ ইউনিয়নৰ নেতা মুনীন্দ্ৰ শইকীয়াই কয় – ৰেলৱেৰ কৰ্মচাৰীৰ বাবে ১৯৭১ চনত পোন প্ৰথমবাৰৰ বাবে বোনাচৰ দাৱী উপস্থাপন কৰি এম্পলইজ ইউনিয়নে ১৯৭৯ চনত বোনাচ আদায়, ভিন্ন সময়ত দৰমহা আয়োগে প্ৰদান কৰা দৰমহা গাঠনিৰ সমস্যা সমাধান কৰা, সময় মতে দৰমহা আয়োগ গঠনৰ বাবে আন্দোলন, সাম্প্ৰতিক সময়ত ট্ৰেকমেনৰ বাবে আজিৰ দৰমহাৰ গাঠনি, ৰাণিং বিভাগৰ শ্ৰমিক – কৰ্মচাৰীৰ বাবে কৰি অহা ভিন্ন দাৱী আৰু সুবিধা আদায়, স্বাস্থ্যৰ বাবে ভিন্ন ৰেফাৰেল হাস্পতাল নিৰ্মাণ কৰা ইত্যাদিৰ দাবী কৰিছিল। নতুন ৰাষ্ট্ৰীয় পেন্সন নীতি ( এন পি এছ) বাতিল কৰি পুৰণি পেন্সন নীতি ( অ পি এছ ) বাহালৰ অৰিৰত আন্দোলন এতিয়াও অব্যাহত আছে। যদিও কেন্দ্ৰীয় চৰকাৰে অলপতে ইউ পি এছ প্ৰবৰ্তন কৰিব বিচাৰিছে আমি তাত ক্ষান্ত হোৱা নাই। চৰকাৰে নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল নকৰালৈকে এই আন্দোলন চলি থাকি থাকিব বুলি মুনীন্দ্ৰ শইকীয়াই হুংকাৰ দিয়ে।