সমগ্ৰ দেশৰে লগতে ৰাজ্যতো ক’ৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ঊৰ্ধ্বগামী হৈ গৈ আছে।
বুধবাৰে কামৰূপ মহানগৰৰ সোণাপুৰৰ টেপেছিয়াস্থিত লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শৈক্ষিক প্ৰতিষ্ঠানৰ ২০জন ছাত্ৰৰ দেহত ধৰা পৰে ক’ৰোনা।
ইয়াৰ পিছতে জিলা প্ৰশাসনে LNIPE শিক্ষানুষ্ঠানখন অহা ১৪ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে।
৮ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈকে LNIPE চৌহদত বাহিৰৰ কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব।
জানিব পৰা মতে শিক্ষানুষ্ঠানখনত দেশৰ ভিন্ন ঠাইৰ পৰা শিক্ষাৰ্থীয়ে পৰীক্ষা দিবলৈ আহিছিল।
প্ৰথম অৱস্থাত ইয়াৰে দুজনৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে।
পৰৱৰ্তী সময়ত আন শিক্ষাৰ্থীসকলোকো পৰীক্ষা কৰাত মুঠ আক্ৰান্তৰ সংখ্যা ২০ লৈ বৃদ্ধি পায়।
শাৰীৰিক শৈক্ষিক প্ৰতিষ্ঠানখনত সৰ্বমুঠ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰী হোষ্টেলত আৱাসী হিচাপে বাস কৰি আছে।
Photo: Google(File Photo)