ৰাজ্যত এতিয়া ক’ৰোনাৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱ।
প্ৰতিটো দিনতে বৃদ্ধি হৈ আছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা।
ইফালে শেহতীয়াকৈ কুম্ভমেলাৰ পৰা ৰে’লযোগে অসমলৈ অহা বহু লোকৰ শৰীৰত কোভিড–১৯ৰ সংক্ৰমণ লাভ কৰাৰ এক বাতৰিয়ে শেহতীয়াকৈ ব্যাপক চৰ্চা লাভ কৰিছে।
সোমবাৰে মৰিয়নী জংছনত উপস্থিত হোৱা ৰাজধানী এক্সপ্ৰেছৰ ১৬ গৰাকী যাত্ৰীৰ শৰীৰত পোৱা গৈছিল কোভিড–১৯ৰ উপস্থিতি।
বৰ্তমান লোককেইজনক কোৱাৰেণ্টাইন কৰা হৈছে।
উল্লেখ্য
হৰিদ্বাৰত অনুষ্ঠিত হোৱা কুম্ভ মেলাৰ পৰা উভতি অহা সকলোকে ক’ভিড টেষ্ট কৰোৱাৰ লগে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন হ’বলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল কেন্দ্ৰীয় চৰকাৰে।
হৰিদ্বাৰৰ এই আশ্ৰমৰ পৰা ৰাজধানী এক্সপ্ৰেছ যোগে উভতি অহা ৯ গৰাকী ভক্তৰ শৰীৰতে মৰিয়নী জংছনত কৰা পৰীক্ষাত কোভিড–১৯ৰ সংক্ৰমণ ধৰা পৰে।
কোভিড–১৯ৰ সংক্ৰমণ লাভ কৰা লোকসকলৰ তিনিগৰাকী হৈছে নগাঁও চুলুঙৰ হংস নামবোধ আশ্ৰমৰ, ৩ গৰাকী দেৰগাঁৱৰ,
২ গৰাকী গোলাঘাটৰ আৰু এজন যোৰহাটৰ।
কিন্তু এতিয়া সৰ্বত্ৰ এটাই প্ৰশ্ন উত্থাপন হৈছে যে,
নিজামুদ্দিনৰ মাৰকাজৰ পিছত কুম্ভ মেলাই আনিছে নেকি ক’ৰোনাৰ দ্বিতীয়টো ঢৌ?
Photo: Google