মণিপুৰৰ নানী জিলাৰ টুপুলত ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনৰ পিছত সন্ধানহীন হৈ আছে অসমৰ ১৭ জনকৈ শ্ৰমিক। আনহাতে উক্ত ভূমিস্খলনত অসমৰ মৰিগাঁও জিলাৰ লাহৰিঘাট সমষ্টিৰ ১ জন শ্ৰমিক নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে ৫ জন শ্ৰমিক। মৃত্যু হোৱা শ্ৰমিকজন গোপাল ফুকন (৩২) বুলি চিনাক্ত কৰা হৈছে। গোপাল ফুকনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত শ্ৰমিকজনৰ ঘৰ লাহৰিঘাটৰ খোৰাগচাইবাৰী গাঁৱত।
ইফালে এই ভূমিস্খলনৰ ফলত সন্ধানহীন হৈ থকা আন ১৭ জন শ্ৰমিক লাহৰিঘাট সমষ্টিৰ কোচকাটি গাঁৱৰ দীপংকৰ বৰদলৈ (২৭), হনুমান কোঁৱৰ (৪৭), চানল কোঁৱৰ (৩০), উৎপল ফুকন (৪০), মমিন ডেকা ৰাজা (৪০), খোৰাগচাই বাৰী গাঁৱৰ আকাশ এল, ৰাম (২১), পল্লৱ লোৰাম (২২), দেৱজিৎ ফুকন (২৩), বগ্যন্ত লোৰাম (৪০), ৰামু ফুকন (৩৫), কুশতালীৰ জুনতি বাৰাদ (২৭) আৰু লৌভুৰুঙ্গাৰ হৰমোহন ডেকা (৩০)। আনহাতে আন চাৰিজনৰ নাম এতিয়াও প্ৰকাশ পোৱা নাই।আঘাতপ্ৰাপ্তসকলৰ ভিতৰত আছে কুশতালীৰ প্ৰহ্লাদ বসুমতাৰী (১৯)মণিৰাম ফুকন (৩৫), ৰমন ফুকন (৩৩), মহেশ্বৰ ফুকন (৩২) আৰু আমগুৰিৰ জুন বসুমতাৰী (২৪)।
উল্লেখ্য যে মণিপুৰত ৰে’ললাইন নিৰ্মাণৰ কামত লাহৰিঘাটৰ এই শ্ৰমিকসকল জড়িত আছিল। জানিব পৰা মতে শ্ৰমিকসকলে আজিৰ পৰা ২০ দিন পূৰ্বে মণিপুৰত কাম কৰিবলৈ গৈছিল। ইফালে এই বাতৰি পোৱাৰ পিছতে শ্ৰমিকসকলৰ ঘৰত কান্দোনৰ ৰোল উঠিছে।