শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন আজি অন্ত পৰিব। পতাকা উত্তোলন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈয়ে আজিৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব। ইয়াৰ পিছতেই আৰম্ভ হ’ব ভাগৱত ভ্ৰমণ আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা। প্ৰায় ১ লক্ষাধিক লোকৰ অংশগ্ৰহণৰে হ’বলগীয়া ভাগৱত যাত্ৰাৰ বাবে গৰুড় পক্ষীৰ আৰ্হিত সাজু কৰি তোলা হৈছে মূল বাহনখন।
ব্যৱসায়ী ৰাজুমণি হুছেইন নামৰ ইছলাম ধৰ্মাৱলম্বী লোকজনে দানসূত্ৰে আগবঢ়োৱা ট্ৰাকখনকেই ভাগৱত যাত্ৰাৰ মূল বাহন হিচাপে ব্যৱহাৰ কৰা হ’ব। নাহৰকটীয়া নগৰেদি চাচনী হৈ প্ৰায় ১৮ কিলমিটাৰ পথ পৰিভ্ৰমণ কৰিবলগীয়া ভাগৱত যাত্ৰাৰ ২০ খন বাহনত অসমৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইৰ প্ৰতীকপটৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শতাধিক সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সোঁৱৰণি মূল মণ্ডপত পদাধিকাৰ কমলাকান্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা আৰু এই সভা উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ভৱেন্দ্ৰ নাথ ডেকাই।
এই মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ উপৰিও শিক্ষামন্ত্ৰী ৰনোজ পেগু, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বি.টি.আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আদিকে ধৰি বহুজন অতিথি হিচাপে উপস্থিত থাকিব।