সমগ্ৰ দেশতে এতিয়া চলিছে ক’ৰোনাৰ দ্বিতীয় ঢৌ দিনে অধিক সংখ্যক লোক আক্ৰান্ত হৈছে ক’ৰোনাত।
অসমতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ হাৰ।
ৰেলৱে ষ্টেচন ,বিমানবন্দৰ সকলোতে আৰম্ভ কৰিছে ক’ৰোনা টেষ্ট।
তাৰ পিছতে কালি গুৱাহাটী ৰেলৱে ষ্টেচনত ১৯ জন লোকৰ দেহত পোৱা গৈছে ক’ৰোনা ভাইৰাছ।
জানিব পৰা অনুসৰি ৫০০ জন লোকক কৰা হৈছিল ক’ৰোনা টেষ্ট আৰু ১৯ জনৰ দেহত পোৱা গৈছিল ভাইৰাছৰ সংক্ৰমণ।
ইয়াৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গুৱাহাটী ৰেলৱে ষ্টেচনৰ যাত্ৰী আৰু কৰ্মচাৰী সকলৰ মাজত।
Photo Credit: Google