বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে উদ্বোধন কৰিলে গুৱাহাটীৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথৰ ২খনকৈ ফুটব্ৰীজ।
ফুটব্ৰীজ দুখনত আছে দিব্যাংগসকলৰ বাবে বিশেষ সুবিধা।
পুৱাই মন্ত্ৰীগৰাকীয়ে প্ৰথমে খ্ৰীষ্টানবস্তিৰ মিজোৰাম হাউছৰ সমীপত নিৰ্মাণ কৰা ফুটব্ৰীজখন উদ্বোধন কৰাৰ পিছত,
গণেশগুৰিৰ ৱালফৰ্ডৰ মহেন্দ্ৰ গৃহৰ সমীপৰ ফুট অভাৰব্ৰীজখনৰ উদ্বোধন কৰে।
উল্লেখ্য যে, ছুইজাৰলেণ্ডৰ টেকন’লজীৰে নিৰ্মাণ হোৱা দিব্যাংগসকলৰ বাবে বিশেষ সুবিধাসম্পন্ন মিজোৰাম হাউছৰ সমীপৰ ফুটব্ৰীজখন নিৰ্মাণৰ বাবে ১০ কোটি ৬ লাখ ৭১ হাজাৰ টকা ব্যয় কৰা হৈছে।
লগতে গণেশগুৰিৰ ৱালফৰ্ডৰ মহেন্দ্ৰ গৃহৰ সমীপৰ ফুট অভাৰব্ৰীজখনত ৯ কোটি ৮৮ লাখ টকা ব্যয় কৰা হৈছে।
Photo: Headline8