ভগৱানো যে নিষ্ঠুৰ হয় সেই কথা এই কৰুণ কাহিনীয়ে আপোনাক ক’ব।
এটি ২০ মহীয়া কণমানি, যাৰ ওঠত কেৱল হাঁহিয়েই বিৰিঙি থাকে। কিন্তু নিয়তিৰ পৰিহাস।
জন্ম হোৱাৰ মাত্ৰ ২০ মাহৰ পিছতেই জীৱন ত্যাগ কৰিলে এই ফুলকুমলীয়া কণমানি ধ্বনিষ্ঠাই।
কিন্তু মৃত্যু হ’লেও তাই সদায় অমৰ হৈয়ে থাকি যাব।
কাৰণ মৃত্যুৰ পূৰ্বে শৰীৰৰ ৫টা অংগ দান কৰি ৫জন লোকক দান কৰে জীৱন।
ঘৰত খেলি থাকোতেই প্ৰথম মহলাৰ পৰা পৰি মূৰত গুৰুতৰভাৱে আঘাত পাইছিল ধ্বনিষ্ঠাই।
সেই আঘাতেই প্ৰাণ কাঢ়ি নিলে কণমানিটিৰ।
দিল্লীৰ বাসিন্দা ধ্বনিষ্ঠাই বিগত কেইবা দিনো ধৰি হাস্পতালৰ ICUত ভৰ্তি হৈ আছিল আৰু যুঁজ দি আছিল মৃত্যুৰ সৈতে।
শৰীৰৰ বাকীবোৰ অংগই ঠিকে আছিল যদিও তাইৰ মূৰটোৱে কাম কৰিবলৈ বন্ধ কৰি দিছিল।
অৱশেষত চিকিৎসকে ব্ৰেইন ডেড বুলি পৰিয়ালক জানিবলৈ দিয়ে।
তাইৰ মৃত্যুৰ খবৰ শুনি শোকাহত হৈছিল যদিও তেওঁলোকে সেই সময়তে লৈছিল এক বিশেষ সিদ্ধান্ত।
কন্যাক নিজৰ মাজত জীয়াই ৰাখিবলৈ শৰীৰৰ ৫ টা অংগ- দুখন কৰ্ণিয়া, দুয়োটা কিডনী আৰু হাওঁফাওঁ দান কৰে।
এই সিদ্ধান্তৰ পিছতে ধ্বনিষ্ঠা দেশৰ ভিতৰতে হয় পৰে কনিষ্ঠ কেভেডৰ ডোনাৰ।
কেভেডৰ ডোনাৰৰ অৰ্থ হ’ল শৰীৰৰ ৫টা অংগ দান কৰা।
Photo: Google