দেশত ভয়াবহ ৰূপত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ।
দৈনিক অধিক হাৰত বৃদ্ধি হোৱা ক’ৰোনা সংক্ৰমণৰ বাবে ৰাজ্য সমূহত সৃষ্টি হৈছে অক্সিজেনৰ নাটনি।
বিশেষকৈ দিল্লীত অক্সিজেনৰ ভয়ংকৰ নাটনিয়ে দেখা দিছে।
আজি দিল্লীস্থিত জয়পুৰৰ গোল্ডেন হাস্পতালত অক্সিজেনৰ অভাৱত পুনৰ ২০ গৰাকী ক’ৰোনা ৰোগীয়ে মৃত্যুক আঁকোৱালি লবলগীয়া হৈছে।
এই কথা জানিবলৈ দিছে গোল্ডেন হাস্পতাল কৰ্তৃপক্ষই।
জানিব পৰা অনুসৰি বৰ্তমানলৈ কোনো ধৰণৰ অক্সিজেন সেৱা লাভ কৰা নাই হাস্পতাল খনে।
এতিয়াও হাস্পতাল খনত ২০০ গৰাকী ক’ৰোনা ৰোগী সংকটজনক অৱস্থাত আছে।
Photo Credit :Google