• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

বছৰৰ শেষত অসমলৈ আহিল এক ভাল খবৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 30, 2021
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা
Share on FacebookShare on Twitter

বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।
‘ইয়াত এখন অৰণ্য আছিল’ নামৰ গ্ৰন্থখনৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে। ১৯৬৪ চনত যোৰহাটত জন্মগ্ৰহণ কৰা পূজাৰী একেধাৰে সাহিত্যিক, সাংবাদিক, সম্পাদক তথা শিক্ষাবিদ। যোৰহাটতে স্নাতক ডিগ্ৰী লাভ কৰা পূজাৰীয়ে ১৯৮৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি কলিকতাৰ একাডেমী অফ ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে।

ইয়াৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত আমাৰ অসম কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান ‘সাদিন’ কাকত আৰু ‘সাতসৰী’ নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ‘চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে।
পিছলৈ তেওঁ পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিছিয়েছন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। ‘অসম বাণী’ কাকতত প্ৰকাশিত তেওঁৰ সাপ্তাহিক স্তম্ভলেখা ‘কলিকতাৰ চিঠি’ আৰু প্ৰথমখন উপন্যাস হৃদয় এক বিজ্ঞাপনৰ যোগেদি তেওঁ ক্ৰমাত্‍ জনপ্ৰিয়তা লাভ কৰে। ১৯৯৮ চনত প্ৰথম প্ৰকাশ হোৱা এই উপন্যাসখন সাহিত্যিক সমালোচক হোমেন বৰগোহাঞিয়ে সেই সময়ৰ মহত্‍ উপন্যাস আখ্যা দিয়ে। তেখেতে সমালোচনাত কয়, “এই উপন্যাসখনে আধুনিক অসমীয়া সমাজখনৰ বিষয়ে এনে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে যিবোৰ ইয়াৰ আগেয়ে কোনো লেখকে কৰা নাছিল। ”ক্ৰমাগতভাৱে উপন্যাসখনৰ ১৪টা সংস্কৰণ প্ৰকাশ পায় আৰু পূজাৰীলৈ যথেষ্ট সমালোচনাত্মক তথা বাণিজ্যিক সফলতা কঢ়িয়াই আনে। ‘হৃদয় এক বিজ্ঞাপন’, এজন ঈশ্বৰৰ সন্ধানত, কাঞ্চন, চাহেবপুৰাৰ বৰষুণ, ব’ৰাগী নদীৰ ঘাট, নাহৰৰ নিৰিবিলি ছাঁ, ৰাগ-অনুৰাগ, মেৰেং, সোণ হৰিণৰ চেঁকুৰ, নীল প্ৰজাপতি, ইয়াত এখন অৰণ্য আছিল আদি উপন্যাসৰ লগতে কেইবাখনো গল্প সংকলন আৰু প্ৰবন্ধ সংকলন লিখি অসমীয়া সাহিত্য জগতত বহু অৰিহণা যোগাইছে।

Previous Post

অগ্ৰীম জামিন লাভ কৰিলে মডাৰ্ন ইংলিছ স্কুলৰ অধ্যক্ষাই

Next Post

সষ্টম প্ৰশাসন: চালকৰ বিৰুদ্ধে এসপ্তাহতে মহানগৰত ৰুজু ৫০০ ৰো অধিক গোচৰ

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
Next Post
সষ্টম প্ৰশাসন: চালকৰ বিৰুদ্ধে এসপ্তাহতে মহানগৰত ৰুজু ৫০০ ৰো অধিক গোচৰ

সষ্টম প্ৰশাসন: চালকৰ বিৰুদ্ধে এসপ্তাহতে মহানগৰত ৰুজু ৫০০ ৰো অধিক গোচৰ

পুলৱামাত প্ৰথমবাৰৰ বাবে সংস্থাপন হ’ল গেছ ইনছুলেটেড চাবষ্টেচন

পুলৱামাত প্ৰথমবাৰৰ বাবে সংস্থাপন হ'ল গেছ ইনছুলেটেড চাবষ্টেচন

প্ৰি নিউ য়েৰ চেলিব্ৰেচনত অঘটন, সুৰা বুলি এচিড পান কৰি মৃত্যু ঘটিল ৩ জনৰ

প্ৰি নিউ য়েৰ চেলিব্ৰেচনত অঘটন, সুৰা বুলি এচিড পান কৰি মৃত্যু ঘটিল ৩ জনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8