সমগ্ৰ দেশতে ক’ৰোনা সংক্ৰমণৰ পৰিস্থিতি যথেষ্ট ভয়াৱহ হ’বলৈ আৰম্ভ কৰিছে।
অক্সিজেনৰ অভাৱ অব্যাহত আছে।
ইয়াৰ মাজতে দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত গুৰুতৰ ৰোগত আক্ৰান্ত ২৫ গৰাকী ৰোগীয়ে মৃত্যুক সাৱটি লয়।
ঘটনাটোৰ আঁৰত অক্সিজেনৰ অভাৱ বুলি কোৱা হৈছে।
কিন্তু হাস্পতালখনৰ চেয়াৰমেন ড০ ডি এছ ৰাণাই এই কথাটো নাকচ কৰিছে যে,
অক্সিজেনৰ অভাৱৰ বাবে ৰোগীকেইজনৰ মৃত্যু হৈছে।
তেওঁ ক’লে যে, ICUত প্ৰথমে অক্সিজেনৰ প্ৰভাৱ হ্ৰাস পাইছিল, সেইবাবে আমি মেনুৱেল পদ্ধতিৰে অক্সিজেন দিছিলো।
ইফালে ছাৰ গংগাৰাম হাস্পতালৰ চিকিৎসা নিৰ্দেশকে ক’লে, অক্সিজেনৰ ভাণ্ডাৰ আৰু দুঘণ্টালৈ চলিব, ভেণ্টিলেটৰ আৰু BIPAP মেছিন কাম নাই কৰা।
গুৰুতৰ অৱস্থাত থকা আন ৬০ গৰাকী ৰোগী সংকটজনক অৱস্থাত আছে, গুৰুতৰ সংকটৰ আশংকা।
হাস্পতালৰ ICU আৰু আপাতকালীন চিকিৎসা বিভাগত অবৈধ পদ্ধতিৰে ভেণ্টিলেচন জাৰি কৰাৰ চেষ্টা চলোৱা হৈছে।
কেন্দ্ৰ চৰকাৰৰ এক সূত্ৰ অনুসৰি, ছাৰ গংগাৰাম হাস্পতালত অক্সিজেনৰ পৰ্যাপ্ত ভাণ্ডাৰ আছে আৰু অক্সিজেনৰ এখন টেংকাৰ হাস্পতালত উপস্থিত হৈছে,
যিয়ে ভাণ্ডাৰৰ ক্ষমতা সম্পূৰ্ণ কৰিব। হাস্পতালৰ এগৰাকী বিষয়াই ক’লে যে,
অক্সিজেনৰ টেংকাৰ পুৱা প্ৰায় ৯.২০ বজাত হাস্পতালত উপস্থিত হয়।
দিল্লীৰ হাস্পতাল মেডিকেলত অক্সিজেনৰ অভাৱৰ মাজতে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ সংখ্য়া ২৬,১৬৯জন হৈছেগৈ।
লগতে ৩০৬ গৰাকী ৰোগীয়ে মৃত্যুক সাৱটিছে।
Photo: Google