গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অগ্ৰণী নাট্য গোষ্ঠী ‘অংগনা’ৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত যোৱা ৯ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ তিনিদিনীয়াকৈ দ্বিতীয় বাৰ্ষিক উত্তৰ পূৰ্বাঞ্চল অঙ্গনা নাট মহোৎসৱ অনুষ্ঠিত হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ‘অংগনা’ৰ প্ৰতিষ্ঠাপক তথা খানামুখৰ জীয়ৰী উজ্জলা বৰ্মন (পিংকী)ৰ পৰিচালনাত অনুষ্ঠিত তিনিদিনীয়া নাট মহোৎসৱৰ ৯ জানুৱাৰীৰ দিনা সন্ধিয়া বন্তি প্ৰজ্বলনৰে মঞ্চ উদ্বোধন কৰি নাট মহোৎসৱ উদ্ধোধন কৰে শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে। অনুষ্ঠানত নৰেন হাজৰিকা, অমূল্য কুমাৰ, অৰূপ বৰদলৈ, মইনুল হক, ডাঃ ত্ৰৈলোক্য নাথ শালৈকে ধৰি নাট্য আৰু সাংস্কৃতিক জগতৰ লগত জড়িত বহু গণ্যমান্য বিশিষ্ট লোক উপস্থিত থাকে।
আনহাতে সিদিনা সন্ধিয়া দৰং জিলাৰ ছিপাঝাৰৰ নাট্যগোষ্ঠী ‘চৰ্চা’ই নিবেদন কৰে অসীম কুমাৰ নাথৰ ৰচনা আৰু পৰিচালনাৰে ‘বিড়াল তপস্বী’ নামৰ নাটখন। তেনেদৰে ১০ জানুৱাৰীৰ দ্বিতীয় দিনা সন্ধিয়া ‘অংগনা’ নাট্য গোষ্ঠীয়ে নিবেদন কৰে ‘বিভ্ৰান্ত ৰং’। নাটখনৰ ৰচনা অপূৰ্ব ঠাকুৰীয়াৰ, পৰিকল্পনা আৰু পৰিচালনা কৰে উজ্জ্বলা বৰ্মনে। আনহাতে ১১ জানুৱাৰী শেষৰ দিনা সন্ধিয়া গুৱাহাটীৰ ছিগাল নামৰ নাট্যগোষ্ঠীয়ে নিবেদন কৰে ড০ ভবেন্দ্র নাথ শইকীয়াৰ গল্পৰ আধাৰত বাহাৰুল ইছলামে নাট্যৰূপ দিয়া ‘আকাশ’ নামৰ নাটখন । ‘আকাশ’ৰ পৰিকল্পনা আৰু পৰিচালনাৰ দায়িত্বত আছিল বিশিষ্ট অভিনেতা, পৰিচালক বাহাৰুল ইছলাম। ইফালে তিনিও দিনাৰ নাট্য সন্ধিয়াতেই প্ৰেক্ষাগৃহ ঠাহ খাই পৰা দৰ্শকৰ উপস্থিতিয়ে নাট মহোৎসৱখন সাফল্যমণ্ডিত কৰি তোলে। তিনিখন ভিন্নৰসী উন্নত মানদণ্ডৰ নাটক উপভোগ কৰি দৰ্শকসকল সন্তুষ্ট আৰু উৎফুল্লিত হোৱা পৰিলক্ষিত হয়।