লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ বিমানকোঠ পৰিচালক জি-আই-এ-এল য়ে সুৰক্ষা সেৱাৰ বাবে ব্যৱহৃত দ্বিতীয়খন বুলেট প্ৰতিৰোধকাৰী QRT বাহন শনিবাৰে কেন্দ্ৰীয় সুৰক্ষা বলৰ হাতত অৰ্পণ কৰে। উল্লেখযোগ্য য়ে দেশৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰথম বাৰৰ বাবে এনেকুৱা এখন বাহন সুৰক্ষা কৰ্মীৰ হাতত অৰ্পন কৰিছিল গুৱাহাটী বিমানকোঠে যোৱাবছৰৰ, ২০২৩ চনৰ জানুৱাৰী মাহত। এই বাহনখনে বিমানকোঠটোৰ সুৰক্ষা দিয়াত সুৰক্ষা-কৰ্মীসকলক যথেষ্ট সহায় কৰিব। হঠাতে হোৱা আক্ৰমন বা কুতাঘাটমূলক ষড়যন্ত্ৰৰ সময়ত এনে বাহনে কু-কাৰ্য প্ৰতিহত কৰাত তৎপৰভাৱে সহায় কৰিব পাৰে।
বাহনখন সুৰক্ষা কৰ্মীৰ হাতত অৰ্পণ কৰি বিমানকোঠৰ মুখ্য বিষয়া উৎপল বৰুৱাই কয়- বিমানকোঠটোৰ পৰিচালক হিচাপে এই বিমানকোঠটোৰ পৰিকাঠামো, ইয়াৰ সা-সম্পত্তি আৰু কৰ্মচাৰীসকলৰ সুৰক্ষাক আমি সবাৰে আগত অগ্ৰাধিকাৰ দিওঁ। এই ক্ষেত্ৰত সুৰক্ষা নিয়ন্ত্ৰক বি.চি.এ.এচে (BCAS) দিয়া সকলো নিৰ্দেশনা মানি লৈ আমি সুৰক্ষা কৰ্মীসকলক সমৃদ্ধ কৰি ৰাখিব খোজোঁ। যোৱাবছৰ আমি প্ৰথমখন এনে বাহন আনি সুৰক্ষা কৰ্মীৰ হাতত দিছিলোঁ আৰু এতিয়া দ্বিতীয়খন দিলোঁ। ইয়াৰ দ্বাৰা এই কামত নিয়োজিত কৰ্মচাৰীসকলৰ মনোবল বাঢ়িব আৰু অপ্ৰত্যাশিত পৰিস্থিতিত কাম কৰাৰ ক্ষমতা আৰু বেছি হব।