২ মে’ অৰ্থাৎ কালি পুৱাৰে পৰা অসমত আৰম্ভ হ’ব এইবাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
ক’ৰোনাৰ দ্ৰুত সংক্ৰমণৰ মাজতো কালি ৰাজ্যত অনুষ্ঠিত হ’ব ভোটগণনা কাৰ্যসূচী।
ভোটগণনাৰ আৰম্ভণিতে প্ৰথমতে প’ষ্টেল বেলট সমূহৰ ভোটগণনা আৰম্ভ কৰা হ’ব।
আনহাতে বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নিৰ্বাচনী আয়োগে ভোটগণনাৰ বাবে বহুতো সতৰ্কতামূলক নীতি নিৰ্দেশনা জাৰি কৰিছে।
ভোটগণনাৰ লগত জড়িত বিষয়া সকলে গণনা কক্ষত প্ৰৱেশ কৰাৰ পুর্বে ক’ৰোনা পৰীক্ষাৰ ৰিপোৰ্ট জমা কৰিব লাগিব।
সকলো বিষয়াই ক’ৰোনা সমন্ধীয় নীতি নিৰ্দেশনা মানি চলাটো বাধ্যতামূলক কৰিছে নিৰ্বাচনী আয়োগে।
Photo Credit: Google