• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মহানগৰীত চলিল ৩০ খনকৈ CNG বাছ; মাঘ বিহুৰ সময়লৈকে চলিব ১০০ খন!

নিউজ ডেস্ক by নিউজ ডেস্ক
January 4, 2023
in সংবাদ, গুৱাহাটী, ৰাজনীতি
1 min read
0
মহানগৰীত চলিল ৩০ খনকৈ CNG বাছ; মাঘ বিহুৰ সময়লৈকে চলিব ১০০ খন!
Share on FacebookShare on Twitter

ইংৰাজী নতুন বছৰটোত গুৱাহাটীক এখন সেউজ মহানগৰীলৈ উন্নীতকৰণৰ লক্ষ্য়ৰে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে অসম ৰাজ্যিক পৰিবহণ নিগমক উপহাৰ হিচাপে প্ৰদান কৰিছে ১০০ খন কমপ্ৰেছড নেচাৰেল গেছ চমুকৈ CNG চালিত বাছ। আনহাতে নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বেতকুছিস্থিত ৰূপনাথ ব্ৰহ্ম আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছৰ গাতে লগা ভাৰতীয় তেল নিগমৰ অধীনৰ স্বাগত ষ্টেচনত এই CNG চালিত বাছ সেৱা উদ্ধোধন কৰাৰ লগতে তাত নতুনকৈ পূৰ্ব ভাৰতী গেছ লিমিটেডে স্থাপন কৰা CNG ইন্ধন ষ্টেচনটো উদ্ধোধন কৰে।

উদ্ধোধন কৰাৰ পাছত সোমবাৰ পৰ্যন্ত গুৱাহাটী মহানগৰীৰ বিভিন্ন ৰাজপথত ৩০ খনকৈ CNG বাছ চলাচল কৰিছে। এই সন্দৰ্ভত পৰিবহণ নিগমৰ সূত্ৰই সদৰি কৰা অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত নিগমে ইতিমধ্যে ১০০ খন চিটিবাছ লাভ কৰিছে। প্ৰথম দিনটোত ইয়াৰে নম্বৰ সংযোজন হোৱা ৩০ খন বাছ যাত্ৰীৰ সেৱাৰ বাবে পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈ বিভিন্ন ৰাজপথত চলিবলৈ দিয়া হৈছে। পৰ্যায়ক্ৰমে নম্বৰ সমূহ সংযোজন হোৱাৰ পাছত বাকী বাছ সমূহো যাত্ৰীৰ চাহিদা অনুসৰি চলাচল কৰোৱা হব। বৰ্তমান বাছ সমূহ খানাপাৰাৰ পৰা জি এছ ৰোডেৰ পল্টনবজাৰ হৈ জালুকবাৰীলৈ, খানাপাৰাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰে জালুকবাৰীলৈ, বশিষ্ঠ মন্দিৰৰ পৰা ৰাষ্ট্রীয় ঘাইপথৰে জালুকবাৰীলৈ, বশিষ্ঠ মন্দিৰৰ পৰা জি এছ ৰোডেৰে পল্টনবজাৰ হৈ জালুকবাৰীলৈ, নাৰেংগীৰ পৰা চানমাৰী হৈ জালুকবাৰীলৈ আৰু বেতকুছিৰ ৰূপনাথ ব্ৰহ্ম আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছৰ পৰা লখৰা – লালগণেশ হৈ পল্টনবজাৰলৈ চলাচল কৰি আছে।

উল্লেখযোগ্য যে এই বাছ যথেষ্ট আৰামদায়ক, GPS আৰু CCTV যুক্ত, আহল – বহল আৰু প্ৰদূষণমুক্ত। উচ্চক্ষমতা সম্পন্ন CCTV থকাৰ বাবে আন চিটিবাছৰ দৰে ইয়াত পকেটমাৰৰ বিশেষ ভয় নাথাকিব। আনকি কোনো যাত্ৰী বা চালক – পৰিচালকেও কিবা অভব্য আচৰণ কৰিলে তাক CCTVত পৰীক্ষা কৰিব পৰা যাব। কিবা বিপদত পৰিলেও আসনত থকা বিশেষ চুইছ টিপি সংকেত দিব পাৰিব যাত্ৰীয়ে। নিগমৰ পৰিচালন সঞ্চালক ৰাহুল দাসে সদৰি কৰা অনুসৰি বৰ্তমান ৰূপনগৰস্থিত কেন্দ্ৰীয় কাৰখানা চৌহদত CNGৰ ইন্ধন ষ্টেচন স্থাপনৰ কাম চলি আছে। তাৰ কাম চলিত মাহৰ ভিতৰতে সম্পূৰ্ণ হোৱাৰ আশা আছে । তাৰ পাছত এই সেৱাৰ সম্পূৰ্ণ সম্প্ৰসাৰণ কৰা হব।

মাঘ বিহুৰ সময়লৈকে ১০০ খন বাছেই চলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেতিয়ালৈকে এই বাছসেৱা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা , বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ চলাচল কৰোৱা হব। আনহাতে এই CNGচালিত বাছ সেৱা আৰম্ভ হোৱাৰ পাছত ডিজেল কেন্দ্ৰীক প্ৰদূষণৰ মাত্ৰা বহুখিনী কমি যাব বুলি পৰিচালন সঞ্চালক ৰাহুল দাসে আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে কামাখ্যা মন্দিৰকে ধৰি গুৱাহাটীৰ বিভিন্ন ৰাজপথত নিগমৰ নিজাববীয়াকৈ ১৩ খনকৈ ইলেক্ট্রিক বাছ (EV ) চলাচল কৰি আছে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অৱসৰপ্ৰাপ্ত খণ্ড বন বিষয়া, বনপালকক বিদায় সম্বৰ্ধনা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অৱসৰপ্ৰাপ্ত খণ্ড বন বিষয়া, বনপালকক বিদায় সম্বৰ্ধনা

গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অৱসৰপ্ৰাপ্ত খণ্ড বন বিষয়া, বনপালকক বিদায় সম্বৰ্ধনা

‘ভাৰত জোড়ো যাত্ৰা’ত আমি অংশগ্ৰহণ নকৰো: নীতিশ কুমাৰ

'ভাৰত জোড়ো যাত্ৰা'ত আমি অংশগ্ৰহণ নকৰো: নীতিশ কুমাৰ

হাজোত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্রাগছ

মহানগৰীত জব্দ প্ৰায় ৪০ লাখ টকাৰ ড্ৰাগছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8