মহামাৰী ক’ৰোনাৰ বিৰুদ্ধে মোকাবিলা কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত নিৰ্মাণ কৰি উলিওৱা ৩০০খন বিচনাযুক্ত ক’ভিড হাস্পতালখন বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে। এই ক’ভিড হাস্পতালখন GMCHৰ সৈতে সংলগ্ন হ’ব বুলি জানিব পৰা গৈছে।
এই ৩০০ খন বিচনাৰ ভিতৰত ১০০খন হৈছে ICU আৰু ২০০খন হৈছে অক্সিজেন বিচনা। এই ক’ভিড হাস্পতালখনত ১৮ গৰাকী বিশেষজ্ঞ চিকিৎসক, ১২০ গৰাকী নাৰ্ছ আৰু ৩০ গৰাকী সাধাৰণ চিকিৎসক চিকিৎসা কাৰ্যত জড়িত থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তও।