বোকাখাত নুমলীগড় ৰৌদুৱাৰ গাঁৱত খাদ্যত বিষক্ৰিয়া হৈ প্ৰায় ৩২ জন লোকৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ বাতৰি পোৱা গৈছে। এখন তোলনী বিয়া খোৱাৰ পিছত নিশা প্ৰায় ১ বজাৰ পৰা একাংশ লোকৰ শৌচ- বমি আৰু মূৰৰ বিষ আৰম্ভ হয় বুলি জানিব পৰা গৈছে। বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ আক্ৰান্ত সকলক লৈ যোৱা হয়। স্থানীয় লোকে জানিবলৈ দিয়া মতে, বিয়া ঘৰত প্ৰথম অৱস্থাত যিসকল লোকে বিয়া খাইছিল, সেই সকল লোক আক্ৰান্ত হোৱা নাই যদিও পিছৰ পৰ্যায়ত লোক সকলে বিয়া খাই ঘৰমুৱা হোৱাৰ পিছত নিশা পেটৰ বিষ ,বমি- শৌচ আৰম্ভ হয়।
বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা জোনমনি কছাৰী (৩২), ৰীনা কছাৰী (৩৫), দীপক কছাৰী (৫১), বিজিত কছাৰী (১২), কৃষ্ণকান্ত কছাৰী (১১), মুনু বাউৰী(২৪), মানসী বাউৰী(৪), কাঞ্চন শৰ্ম্মা (৪৫), চিন্ময় কছাৰী (৫), নিতুমনি কছাৰী (২৭), দৌপদী তাঁতী (৬৫), পল্লবী মিশ্ৰ (৯) চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে ইয়াৰ আগতে জন্মাষ্টমীৰ প্ৰসাদ খাই বোকাখাতৰ অগৰাতলি গাঁৱত ভালে সংখ্যক লোক অসুস্থ হৈছিল।